CoronaLockdown: ড্ৰাইভাৰৰ কাৰণে Ola-ই সম্পূৰ্ণ মাফ কৰিব লীজ ৰেণ্টেল

News18 Assam | News18-Assam
Updated:March 25, 2020, 12:30 PM IST
CoronaLockdown: ড্ৰাইভাৰৰ কাৰণে Ola-ই সম্পূৰ্ণ মাফ কৰিব লীজ ৰেণ্টেল
Source-Google

লকডাউনৰ কাৰণে যিসকল ড্ৰাইভাৰ–পাৰ্টনাৰ এই সময়চোৱাত সমস্যাৰ সন্মুখীন হৈছে তেওঁলোক ইয়াৰ দ্বাৰা লাভান্বিত হ’ব। 

  • Share this:
অ’লা কেবছে (Ola Cabs) মঙলবাৰে জনায় যে কোম্পানীয়ে নিজৰ ড্ৰাইভাৰ পাৰ্টনাৰ্ছ সকলৰ কাৰণে লীজ ৰেণ্টেল সম্পূৰ্ণৰূপে মাফ কৰি দিব। এই সুবিধা সেইসকল ড্ৰাইভাৰৰ কাৰণে যিসকলে অ’লাৰ চাবচিডিয়েৰী কোম্পানী অ’লা ফ্লীট টেকন’লজীৰ লিজিং প্ৰগামৰ অধীনত গাড়ী ভাৰাত লৈ ৰাখিছে।

অ’লাৰ এজন বিষয়াই কয় যে, ইয়াৰ ফলত লকডাউনৰ কাৰণে যিসকল ড্ৰাইভাৰ পাৰ্টনাৰ এই সময়ত সমস্যাৰ সন্মুখীন হৈছে তেওঁলোক লাভান্বিত হ’ব। তেওঁ কয় যে ইয়াৰ বাহিৰেও আমাৰ ড্ৰাইভাৰসকল আৰু তেওঁলোকৰ জীৱনসংগীয়ে লাইফ ইন্সুৰেন্সৰ সকলো সুবিধা লাভ কৰিব।

উল্লেখযোগ্য যে কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ কাৰণে ‘ছচিয়েল ডিচটেন্সিং’ৰ ওপৰত যথেষ্ট জোৰ দিয়া হৈছে আৰু সেই কাৰণে সমগ্ৰ দেশত লকডাউন বলৱৎ কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading