দেশৰ অন্যতম জনপ্ৰিয় কেব সেৱা কোম্পানী OLAই অত্যাধিক মূল্য আদায় আৰু দুৰ্বল সেৱাৰ বাবে এজন গ্ৰাহকক ৯৫,০০০ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰিব লাগিব। এক গোচৰৰ শুনানিৰ পাছতেই এই সিদ্ধান্ত উপভোক্তা আদালতৰ। ঘটনাটো তেলেংগনাৰ ৰাজধানী হায়দৰাবাদৰ।
প্ৰাপ্ত তথ্য অনুসৰি, বিগত বৰ্ষৰ ১৯ অক্টোবৰ তাৰিখে হায়দৰাবাদৰ নিৱাসী জাবেজ ছেমুৱেল নামৰ এজন ব্যক্তিয়ে পত্নী আৰু পৰিয়ালসহ এফালে যাবলৈ ওলাইছিল। এই যাত্ৰা কৰিবলৈ তেখেতে ৪ ঘন্টাৰ বাবে এখন OLA কেব বুক কৰিছিল। অভিযোগ অনুসৰি বুকিং কৰা কেবখন অত্যন্ত লেঁতেৰা হোৱাৰ লগতে ইয়াৰ সেৱাও যথেষ্ট বেয়া আছিল। লোকজনে গাড়ীখনৰ চালকজনক AC চলাবলৈ কোৱা কথাষাৰো চালকজনে অমান্য কৰিছিল।
ইয়াৰোপৰি কেৱল ৪ৰ পৰা ৫ কিলোমিটাৰ যাত্ৰাৰ বাবে ছেমুৱেলক চালকজনে ৮৬১ টকাৰ বিল পৰিশোধ কৰিবলৈ কৈছিল। লোকজনে চালকজনক এই টকা দিবলৈ অমান্তি হৈছিল কাৰণ তেখেতৰ মতে ভাড়া ২০০ টকাতকৈ অধিক হ'ব নালাগিছিল। এই কথাত চালকজনে ছেমুৱেলক যথেষ্ট দুৰ্ব্যৱহাৰ কৰাত অৱশেষত তেখেতে সেই পৰিশোধ কৰিবলৈ বাধ্য হৈছিল।
কেব সেৱা কোম্পানীটোৰ কৰ্তৃপক্ষৰ ওচৰতো দিছিল অভিযোগঃ-জানিব পৰা মতে, ছেমুৱেলে এই ঘটনাটোৰ সংক্ৰান্তত প্ৰথমে OLA কেব কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছিল। কিন্তু কোম্পানীটোৰ বিষয়াসকলে এই বিষয়টোত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছিল। অৱশেষত তেখেত উপভোক্তা আদালতৰ কাষ চাপে যদিও এই গোচৰটোৰ জাননী লাভৰ পিছতো গোচৰটোৰ বিৰুদ্ধে যুঁজিবলৈ OLA কৰ্তৃপক্ষই আয়োগৰ সন্মুখত উপস্থিত হোৱা নাছিল বুলি তেখেতে জনায়।
কোম্পানীয়ে সূতৰ সৈতে ওভতাব ভাড়াঃ-অভিযোগকাৰীৰ মানসিক যন্ত্ৰণাৰ প্ৰতি লক্ষ্য ৰাখি উপভোক্তা আয়োগে কোম্পানীটোক গ্ৰাহকজনক ৮৮ হাজাৰ টকাৰ লগতে শ্ৰৱণ ব্যয় হিচাপে ৭ হাজাৰ টকা অৰ্থাৎ সৰ্বমুঠ ৯৫ হাজাৰ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে। আয়োগে ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ ৪৫ দিন সময়সীমা বান্ধি দিছে আৰু যদি কোম্পানীটোৱে আদালতৰ আদেশ পালন নকৰে তেন্তে সূতৰ সৈতে ক্ষতিপূৰণ পৰিশোধ কৰিব লাগিব। প্ৰতিষ্ঠানটোক বছৰি ১২ শতাংশ হাৰত সূতৰ সৈতে ৮৬১ টকা ঘূৰাই দিবলৈও নিৰ্দেশ দিয়া হৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 20, 2022, 15:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।