অযোধ্যা বিবাদৰ ঐতিহাসিক ৰায়ৰ পিছত আন এক গুৰুত্বপূৰ্ণ ৰায় দিলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। এতিয়াৰে পৰা RTI আইনৰ অধীনত থাকিব মুখ্য ন্যায়াধীশৰ কাৰ্যালয়। ন্যায়পালিকাৰ স্বচ্ছতাৰ ক্ষেত্ৰত ঐতিহাসিক পদক্ষেপ সৰ্বোচ্চ ন্যায়ালয়ৰ। অৱশ্যে ন্যায়াধীশসকলৰ ক্ষেত্ৰত আঁৰ–বেৰ থকাটো আৱশ্যক বুলি ৰায়ত উল্লেখ উচ্চতম ন্যায়ালয়ৰ।
দিল্লী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি এই ৰায় দিলে উচ্চতম ন্যায়ালয়ে। ৫ জনীয়া বিচাৰপীঠৰ ৩জনে সপক্ষে আৰু দুজনে দিলে বিপক্ষে মত।
সংবিধানৰ অনুচ্ছেদ ১২৪ৰ আধাৰত এই সিদ্ধান্ত গ্ৰহণ কৰে সৰ্বোচ্চ ন্যায়ালয়ে। এই সিদ্ধান্তৰ পিছত এতিয়া কলেজিয়ামৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত উপলব্ধ হ’ব। ন্যায়াধীশ সঞ্জীৱ খান্নাৰ দ্বাৰা লিখা এই সিদ্ধান্তত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ দীপক গুপ্তাই সহমত প্ৰকাশ কৰে। অৱশ্যে ন্যায়াধীশ ৰমন্না আৰু ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কিছু বিষয়ত পৃথক মত প্ৰকাশ কৰে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|