প্ৰেয়সীৰ সৈতে স্বামীৰ বিবাহ সম্পন্ন কৰালে মহিলাই, ক’লে ‘একেলগে থাকিম’

News18-Assam
Updated:November 23, 2019, 2:31 PM IST
প্ৰেয়সীৰ সৈতে স্বামীৰ বিবাহ সম্পন্ন কৰালে মহিলাই, ক’লে ‘একেলগে থাকিম’

  • Share this:
আনন্দ শংকৰ ঠাকুৰ দাসঃ ওড়িশাৰ এগৰাকী মহিলাৰ কাৰ্যই বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এগৰাকী নাৰীৰ কাৰণে যি গছত গৰু উঠাৰ দৰে ঘটনা সেই কামকে কৰিলে মহিলাগৰাকীয়ে। নিজৰ স্বামীক প্ৰেয়সীৰ সৈতে বিয়া কৰোৱাৰ অনুমতি প্ৰদান কৰি একেটা ঘৰতে থকাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে মহিলাগৰাকীয়ে।

গায়ত্ৰী কাবাচি নামৰ ওড়িশাৰ মলকানগিৰিৰ মহিলাগৰাকীয়ে দীৰ্ঘদিনে সংসাৰ কৰি অহা নিজৰ স্বামী তথা তেওঁলোকৰ নাবালক চাৰিটা ল’ৰা–ছোৱালীৰ পিতৃ ৰামা কাবাচিক আইটা মাডাকামি নামৰ এগৰাকী মহিলাৰ সৈতে দ্বিতীয় বিবাহ সম্পন্ন কৰাত সন্মতি প্ৰকাশ কৰি সকলোকে হতভম্ব কৰিছে। সিদ্ধেশ্বৰ মন্দিৰত সম্পন্ন হোৱা বিবাহত গায়ত্ৰীয়ে আগভাগ লয়।

মোৰ স্বামী তেওঁৰ সৈতে গভীৰ প্ৰেমত নিমজ্জিত, সেইকাৰণে মই তেওঁলোকক বিয়া পাতিবলৈ দিলো। আমি সকলোৱে একেলগে থাকিব পাৰো।
ইয়াত কোনো সমস্যা নাই। প্ৰায় ছয় বছৰ পূৰ্বে ৰামাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা গায়ত্ৰীয়ে এনেদৰে কয়। তেওঁলোকৰ জ্যেষ্ঠ সন্তানৰ বয়স বৰ্তমান ৫বছৰ।

আদিবাসী সম্প্ৰদায়ৰ পৰিয়ালটোলৈ নতুনকৈ বিয়া হৈ অহা আইটা নামৰ যুৱতীগৰাকীয়ে নিজৰ স্বামীক লগ পোৱাৰ অভিজ্ঞতা সোঁৱৰি কয়,
মই প্ৰথমে তেওঁক মামা বুলি মাতিছিলো। কিন্তু কিছুমাহ পূৰ্বে মই তেওঁৰ সৈতে একেলগে চাইকেলত উঠি অলপ দূৰলৈ ফুৰিবলৈ গৈছিলো আৰু তেতিয়াই আমি কাষ চাপি আহো। গাঁৱৰ সকলোৱে আমাৰ সম্পৰ্কৰ বিষয়ে জানিবলৈ ধৰিছিল আৰু মই যেতিয়া তেওঁক বিয়াৰ কাৰণে কওঁ তেতিয়া তেওঁ মোক প্ৰত্যাখ্যান কৰে। সেইকাৰণে মই স্থানীয় আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে অভিযোগ দিবলৈ আগবাঢ়ো আৰু তেতিয়াই তেওঁ মোক বিয়া কৰোৱাত সন্মতি দিয়ে।
যুৱতীগৰাকীয়ে প্ৰাথমিক স্কুলৰ পিছত পঢ়া–শুনা বাদ দিছিল।

এই বিবাহত গাঁৱৰ বহু মহিলাও উপস্থিত থাকে। স্থানীয় একাংশ মহিলাৰ মতে নিজৰ স্বামীক আন মহিলাৰ হাতত হেৰুৱাৰ ভয়তে স্বেচ্ছাই গায়ত্ৰীয়ে এই বিবাহত সন্মতি দিয়ে। তেওঁ ভয় খাইছিল যে তেওঁৰ স্বামী গ্ৰেপ্তাৰ হ’লে চাৰিওটা সন্তান তেওঁ অকলে ডাঙৰ কৰিব লাগিব।

তাৎপৰ্যপূৰ্ণ যে পুৰুষ আয়োগৰ সম্বনয়ক ব্যোমকেশ ত্ৰিপাঠিৰ মতে
এই দ্বিতীয় বিবাহ আচলতে অবৈধ আৰু আইনৰ দৃষ্টিত ইয়াৰ কোনো মূল্য নাই। কিন্তু আদিবাসী সমাজত প্ৰচলিত নিয়ম অনুসৰি সামাজিকভাৱে হয়তো এই বিবাহ স্বীকৃত হ’ব পাৰে। প্ৰথম পত্নীগৰাকীহে স্বামীৰ সম্পত্তিৰ বৈধ উত্তৰাধিকাৰী হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি