সোঁতৰ বিপৰীতে মনালিছা! গাড়ীৰ পৰা ঘোঁৰা চলোৱালৈকে শাৰী পিন্ধিয়েই সকলো কাম কৰি ভাইৰেল মনালিছা

News18 Assam | News18-Assam
Updated:June 9, 2021, 12:10 PM IST
সোঁতৰ বিপৰীতে মনালিছা! গাড়ীৰ পৰা ঘোঁৰা চলোৱালৈকে শাৰী পিন্ধিয়েই সকলো কাম কৰি ভাইৰেল মনালিছা
বুলেট চলোৱাৰ পৰা ট্ৰাক চলোৱালৈকে, মনালিছাই শাৰী পিন্ধিয়েই কৰে সকলো কাম আৰু শেহতীয়াকৈ শাৰী পিন্ধিয়েই ঘোঁৰা চলোৱা দেখা গৈছে।

বুলেট চলোৱাৰ পৰা ট্ৰাক চলোৱালৈকে, মনালিছাই শাৰী পিন্ধিয়েই কৰে সকলো কাম আৰু শেহতীয়াকৈ শাৰী পিন্ধিয়েই ঘোঁৰা চলোৱা দেখা গৈছে।

  • Share this:
শাৰী পৰিধান কৰি এগৰাকী মহিলাই কি কৰিব পাৰে বা কি কৰিব নোৱাৰে সেই সম্পৰ্কে থকা সকলো ধৰণৰ ধাৰণা ভংগ কৰি ওড়িশাৰ জাহাল গাঁৱৰ মনালিছাই কৰি দেখুৱাইছে অসম্ভৱ বুলি ভৱা সকলো কাম। বুলেট চলোৱাৰ পৰা ট্ৰাক চলোৱালৈকে, শাৰী পিন্ধিয়েই মনালিছাই কৰে সকলো কাম। আৰু শেহতীয়াকৈ শাৰী পিন্ধিয়েই ঘোঁৰা চলোৱাও দেখা গৈছে মহিলাগৰাকীক, যি সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত আৰু সেই ভিডিঅ' দেখিয়েই আনন্দিত হৈ পৰিছে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল। পৰম্পৰাগত পোছাক এনেদৰে ধৰি ৰাখি সকলো কাম কৰাৰ বাবে ছচিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰিছে মনালিছা। মূলতঃ তেওঁৰ স্বামী বদ্ৰী নাৰায়ণ ভদ্ৰাৰ ইউটিউব চেনেলৰ দ্বাৰা শ্বেয়াৰ কৰা ভিডিঅ'টোৱে এতিয়া ভিডিঅ' শ্বেয়াৰিং প্লেটফৰ্মত হাজাৰ হাজাৰ ভিউ লাভ কৰিবলৈ সক্ষম হৈছে।

ইণ্ডিয়া টুডেৰ মতে, মনালিছাই তেওঁৰ সকলো জনপ্ৰিয়তাৰ কৃতিত্ব তেওঁৰ স্বামীক দিয়ে, যিয়ে তেওঁক ইউটিউবৰ সৈতে পৰিচয় কৰাই দিছিল। বদ্ৰী পেছাত এগৰাকী সৃষ্টিশীল পৰিচালক আৰু সমাজ কৰ্মী, যি মনালিছাৰ সকলো ভিডিঅ'ৰ আঁৰত থাকে।

ইপিনে মনালিছাৰ এই ভিডিঅ'বোৰৰ জনপ্ৰিয়তাৰ বাবে তেওঁ এতিয়া ইউটিউবত ভিডিঅ' আপলোড কৰি মাহে ১.৫ লাখ টকা উপার্জন কৰে। মনালিছাৰ ভিডিঅ' আপলোড কৰা বদ্ৰীৰ ইউটিউব চেনেলটো ২০১৬ চনৰ মে' মাহত সৃষ্টি কৰা হৈছিল আৰু বৰ্তমান একাউণ্টটোত ২.২৮ মিলিয়নৰো অধিক ছাবচক্ৰাইবাৰ আছে।

ইউটিউবৰ উপৰিও মনালিছাৰ ভিডিঅ'বোৰ প্ৰায়ে ব্যৱহাৰকাৰীসকলে আন ছচিয়েল মিডিয়া প্লেটফৰ্মতো শ্বেয়াৰ কৰা দেখা যায়। এটা ভিডিঅ' শাৰী পিন্ধিয়েই ভলভো বাছ চলোৱাও দেখা পোৱা গৈছিল মনালিছাক। আইএএছ বিষয়া আৱানীশ চাৰণে টুইটাৰত শ্বেয়াৰ কৰিছিল সেই ভিডিঅ' আৰু মাইক্ৰ'ব্লগিং ছাইটত চাৰণে শ্বেয়াৰ কৰা মনালিছাৰ ভিডিঅ'ই ৭৫ হাজাৰৰো অধিক ভিউ আৰু ৮ হাজাৰৰো অধিক লাইক পোৱা দেখা গৈছিল। ভিডিঅ'টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বহুতো ব্যৱহাৰকাৰীয়ে মনালিছাক প্ৰশংসা কৰিছিল আৰু পৰম্পৰাগত পোছাকক লৈ চলি অহা ষ্টেৰিঅ'টাইপ ভংগ কৰাৰ বাবে অভিনন্দন জনাইছিল।

ইয়াৰ উপৰিও মনালিছা এগৰাকী পশুপ্ৰেমী বুলিও জানিব পৰা গৈছে, যিয়ে প্ৰায়েই তেওঁক নিজৰ হাতেৰে গাঁৱৰ বান্দৰবোৰক খুৱাই থকা দেখা যায়। এই সম্পৰ্কত এগৰাকী গাঁওবাসীয়ে কৈছিল যে মনালিছাই বেছিভাগ সময় নিজৰ পোহনীয়া জন্তুবোৰৰ যত্ন লোৱাত সময় অতিবাহিত কৰে আৰু তাইৰ ঘৰটো এখন সৰু চিৰিয়াখানাৰ দৰে।
Published by: Sanjay Kumar Das
First published: June 9, 2021, 12:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি