ওড়িশাৰ কংগ্ৰেছ প্ৰাৰ্থীক প্ৰথমে গুলীচালনা, তাৰ পিছত চোকা অস্ত্ৰৰে আক্ৰমণ

Dulu Medhi | News18-Assam
Updated:May 23, 2019, 8:45 AM IST
ওড়িশাৰ কংগ্ৰেছ প্ৰাৰ্থীক প্ৰথমে গুলীচালনা, তাৰ পিছত চোকা অস্ত্ৰৰে আক্ৰমণ
গুলী মনোজ জেনাৰ ডিঙিত আৰু বুকুত লাগে। তথ্য অনুসৰি গুলী চলোৱাৰ পিছত আক্ৰমণকাৰীৰ চোকা অস্ত্ৰৰে চুৰিকাঘাত আৰু ঘটনাস্থলীৰ পৰা আক্ৰমণকৰাৰী পলায়ন

গুলী মনোজ জেনাৰ ডিঙিত আৰু বুকুত লাগে। তথ্য অনুসৰি গুলী চলোৱাৰ পিছত আক্ৰমণকাৰীৰ চোকা অস্ত্ৰৰে চুৰিকাঘাত আৰু ঘটনাস্থলীৰ পৰা আক্ৰমণকৰাৰী পলায়ন

  • Share this:
লোকসভা নিৰ্বাচনৰ গণনাৰ কিছু ঘণ্টা পূৰ্বে ওড়িশাত দুৰ্বৃত্তই অস্কা বিধানসভা সমষ্টিৰ কংগ্ৰেছ  প্ৰাৰ্থীক গুলীচালনা। প্ৰাৰ্থীগৰাকীক সংকটজনক অৱস্থাত বেৰহমপুৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাত প্ৰাৰ্থীগৰাকীক ভূৱনেশ্বৰ হাস্পতাললৈ পঠাই দিয়া হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় তদন্ত অব্যাহত।

তথ্য অনুসৰি ওড়িশা অস্কা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মনোজ জেনা আৰু তেওঁৰ সহযোগী অনিলকুমাৰক ৬ অচিনাক্ত দুৰ্বৃত্তই চলাই গুলী। মনোজ জেনাৰ ডিঙি আৰু বুকুত লাগে গুলী।

 




তথ্য অনুসৰি গুলী চালনাৰ পিছত আক্ৰমণকাৰীয়ে চোকা অস্ত্ৰৰে ডিঙিত ৰেপি হত্যাৰ চেষ্টা আৰু ঘটনাস্থলীৰ পৰা আক্ৰমণকাৰীৰ পলায়ন। ইফালে মনোজ জেনাৰ সহযোগী অনিল কুমাৰৰ হাতত গুলীচালনা আক্ৰমণকাৰীৰ।

 



মনোজ জেনাক সংকটজনক অৱস্থাত MKCG মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাত পুনৰ তেওঁক ভূৱনেশ্বৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে জনোৱা মতে মনোজ জেনাই তেওঁৰ সহযোগীৰ সৈতে বেৰহমপুৰ চহৰৰ লাঞ্জীপল্লীৰ কাষেৰে পাৰ হৈ যাওতে আক্ৰমণ চলায়। বাইকত অহা ৬ দুৰ্বৃত্তই সংঘটিত কৰে এই আক্ৰমণৰ ঘটনা। ঘটনাস্থলীৰ পৰা এখন বাইক আৰু বন্দুক উদ্ধাৰ কৰে আৰক্ষীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি