৮৬,৫০০টকা ফাইন! ওড়িশাৰ ট্ৰাক চালকে ভৰিলে নতুন যান–বাহন আইনৰ সৰ্বাধিক জৰিমনা!

News18-Assam
Updated:September 9, 2019, 10:02 AM IST
৮৬,৫০০টকা ফাইন! ওড়িশাৰ ট্ৰাক চালকে ভৰিলে নতুন যান–বাহন আইনৰ সৰ্বাধিক জৰিমনা!
ফাইল ফটো

নতুন যান–বাহন আইন বলৱৎ হোৱাৰ পিছত এই জৰিমনা সৰ্ববৃহৎৰূপে পৰিগণিত হৈছে। 

  • News18 Assam
  • Last Updated: September 9, 2019, 10:02 AM IST
  • Share this:
নতুন যান বাহন আইনৰ অধীনত আইন উলংঘা কৰি ওড়িশাৰ চম্বলপুৰ জিলাৰ এজন ট্ৰাক চালকে ভৰা জৰিমনাই সকলোৰে চকু কপালত তুলিছে। যোৱা সপ্তাহত যান–বাহন আইন উলংঘা কৰাৰ বাবে ট্ৰাকচালক অশোক যাদৱে ৮৬,৫০০টকা জৰিমনা ভৰে আৰু এই ধন এইপৰ্যন্ত দেশৰ সৰ্ববৃহৎ ৰাশিৰূপে বিবেচিত হৈছে। হিন্দুস্তান টাইমছৰ এক বাতৰি মতে, যোৱা তিনি ছেপ্তেম্বৰত অশোক যাদৱে এই জৰিমনা ভৰিছিল কিন্তু এই চালানৰ ছবি ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে চৰ্চিত হৈছে। চম্বলপুৰ এলেকাৰ পৰিবহণ বিষয়া ললিত মোহন বেহেৰাই জনায় যে, অশোক যাদৱে ভৰা এই বৃহৎ পৰিমাণৰ জৰিমনাৰ ভিতৰত আছে,

অকৰ্তৃত্বশীল ব্যক্তিক গাড়ী চলাবলৈ দিয়া (৫০০০টকা জৰিমনা)

লাইচেন্স নোহোৱাকৈ গাড়ী চলোৱা (৫০০০টকা জৰিমনা)

১৮টনৰ অধিক ওজনৰ অভাৰলোডিং (৫৬,০০০টকা জৰিমনা)

অভাৰ ডাইমেনছন প্ৰজেকচন বহন (২০,০০০টকা জৰিমনা)

জেনেৰেল অফেন্স (৫০০টকা জৰিমনা)

অৱশ্যে প্ৰায় ৫ঘণ্টা যুঁজাৰ অন্তত ৮৬,৫০০টকাৰ সলনি ৭০,০০০টকা জৰিমনা বিহি ৰেহাই পালে ট্ৰাক চালকজনে। নাগালেণ্ডৰ এটা কোম্পানী বিএলএ ইনফ্ৰাষ্টাকচাৰ প্ৰাইভেট লিমিটেডৰ এই ট্ৰাকখনে এখন জেচিবি কঢ়িয়াই লৈ গৈ আছিল। আংগুল জিলাৰ পৰা  ছত্তিশগঢ়লৈ গৈ থকা অৱস্থাত ট্ৰাকখন বিষয়াই ৰখায়।

উল্লেখযোগ্য যে ওড়িশাই নতুন আইন বলৱৎ হোৱাৰ পিছত প্ৰথম চাৰি দিনৰ ভিতৰতে দেশৰ ভিতৰত সৰ্বাধিক ৮৮লাখ টকা জৰিমনা হিচাপে সংগ্ৰহ কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading