মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»‘ওড়িশাৰ মোদী’ক কি দপ্তৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

‘ওড়িশাৰ মোদী’ক কি দপ্তৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

News18-Assam
Updated:May 31, 2019, 4:06 PM IST
‘ওড়িশাৰ মোদী’ক কি দপ্তৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?
মোদীৰ পিছতে শপতগ্ৰহণ অনুষ্ঠানত আটাইতকৈ বেছি হাত চাপৰি বাজিছিল প্ৰতাপ চন্দ্ৰ সাৰংগীয়ে শপত লোৱাৰ সময়ত।

মোদীৰ পিছতে শপতগ্ৰহণ অনুষ্ঠানত আটাইতকৈ বেছি হাত চাপৰি বাজিছিল প্ৰতাপ চন্দ্ৰ সাৰংগীয়ে শপত লোৱাৰ সময়ত।

  • Share this:
বিতৰণ কৰা হ’ল মোদী কেবিনেটৰ দপ্তৰ। ইয়াৰ ভিতৰত ‘ওড়িশাৰ মোদী’ নামেৰে খ্যাত প্ৰতাপ চন্দ্ৰ সাৰংগীক কি দপ্তৰ দিয়া হ’ব তাক লৈ উৎসুকতা আছিল সকলোৰে মাজত। এই উৎসুকতা তেতিয়া আৰু বাঢ়িছিল যেতিয়া ৰাষ্ট্ৰপতি ভৱনত উপস্থিত ৮ হাজাৰ অতিথিয়ে ৬৪ বছৰীয়া এই লোকজনক অভিবাদন জনাইছিল। মোদীৰ পিছতে শপতগ্ৰহণ অনুষ্ঠানত আটাইতকৈ বেছি হাত চাপৰি বাজিছিল প্ৰতাপ চন্দ্ৰ সাৰংগীয়ে শপত লোৱাৰ সময়ত।

মোদী মন্ত্ৰীসভাত প্ৰতাপ চন্দ্ৰ সাৰংগীক দিয়া হ’ল ক্ষুদ্ৰ, লঘু আৰু মধ্যম উদ্যোগ মন্ত্ৰণালয়ৰ ৰাজ্য মন্ত্ৰীৰ দায়িত্ব। পশুপালন, দুগ্ধপালন আৰু মৎস্যপালন মন্ত্ৰণালয়ৰ ৰাজ্য মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে সাৰংগীক। উত্তৰ প্ৰদেশৰ বালাছোৰৰ পৰা প্ৰথমবাৰলৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে সাৰংগী।
First published: May 31, 2019, 4:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি