মৃত্যুৰ কোলাত ঢলি পৰিল ওড়িশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাশ। চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে মন্ত্ৰীগৰাকীৰ। দেওবাৰে দুপৰীয়া আৰক্ষী উপ পৰিদৰ্শকে তেওঁৰ ওপৰত গুলীচালনা কৰাত গুৰুতৰভাৱে আহত হৈছিল।
নৱ দাশৰ বুকুৰ বাঁওফালে গুলী লগাত ভুৱনেশ্বৰৰ এপ'ল'ত ভৰ্তি কৰোৱা হৈছিল। ডাঃ দেৱাশিস নায়কৰ নেতৃত্বত চিকিৎসকৰ এটা দলে লগে লগে তেওঁৰ যত্ন লৈ অস্ত্ৰোপচাৰ কৰে।
অস্ত্ৰোপচাৰৰ সময়ত দেখা গৈছিল যে এটা গুলী শৰীৰত প্ৰৱেশ কৰি ওলাই গৈছিল, যাৰ ফলত হৃদযন্ত্ৰ আৰু বাঁও হাঁওফাঁওত আঘাত পাইছিল আৰু ব্যাপক ৰক্তক্ষৰণ হৈছিল। তেওঁক জৰুৰী আই চি ইউ কেয়াৰ দিয়া হৈছিল। কিন্তু যৎপৰোনাস্তি চেষ্টা সত্ত্বেও তেওঁক জীয়াই ৰাখিব নোৱাৰিলে (Odisha Health Minister Naba Das Died)।
উল্লেখ্য, আজি এক অনুষ্ঠানৰ সময়ত ওড়িশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাশক গুলীচালনা কৰে নিৰাপত্তাৰ দায়িত্বত থকা এজন আৰক্ষী বিষয়াই। গুলীবিদ্ধ দাশক ততাতৈয়াকৈ ঝাৰছুগুড়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আজি দুপৰীয়া প্ৰায় ১২:৩০ বজাত সংঘটিত হয় এই ঘটনাটি।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|