মুখ্যপৃষ্ঠা »খবৰ »দেশ »Odisha Health Minister Shot: উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাশলৈ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বিষয়াৰ গুলীচালনা, কেমেৰাত বন্দী দৃশ্য

Odisha Health Minister Shot: উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাশলৈ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বিষয়াৰ গুলীচালনা, কেমেৰাত বন্দী দৃশ্য

উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাশলৈ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বিষয়াৰ গুলীচালনা

গাড়ীৰ পৰা নামি মন্ত্ৰীগৰাকীয়ে নতুনকৈ নিৰ্মাণ কৰা দলীয় কাৰ্যালয়লৈ যাবলৈ ওলোৱাৰ সময়তে নিৰাপত্তাৰ দায়িত্বত থকা সহকাৰী উপ-পৰিদৰ্শক (ASI) গোপাল চন্দ্ৰ দাশে গুলীচালনা কৰে।

  • Share this:

আজি এক অনুষ্ঠানৰ সময়ত উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাশক গুলীচালনা কৰে নিৰাপত্তাৰ দায়িত্বত থকা এজন আৰক্ষী বিষয়াই। গুলীবিদ্ধ দাশক ততাতৈয়াকৈ ঝাৰছুগুড়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আজি দুপৰীয়া প্ৰায় ১২:৩০ বজাত সংঘটিত হয় এই ঘটনাটি।


উৰিষ্যাৰ ঝাৰছুগুড়া জিলাৰ গান্ধী চ'কত সংঘটিত হৈছে এই ঘটনা। ব্ৰজৰাজনগৰত বিজেডি দলৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল মন্ত্ৰীগৰাকী। গাড়ীৰ পৰা নামি মন্ত্ৰীগৰাকীয়ে নতুনকৈ নিৰ্মাণ কৰা দলীয় কাৰ্যালয়লৈ যাবলৈ ওলোৱাৰ সময়তে নিৰাপত্তাৰ দায়িত্বত থকা সহকাৰী উপ-পৰিদৰ্শক (ASI) গোপাল চন্দ্ৰ দাশে গুলীচালনা কৰে। খবৰ অনুসৰি মন্ত্ৰী নৱ দাশৰ বুকুত দুটা গুলীয়ে আঘাত কৰিছে। উল্লেখযোগ্য যে, নৱ দাশ উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক নেতৃত্বাধীন মন্ত্ৰীসভাৰ এজন বিশিষ্ট মন্ত্ৰী আৰু তেওঁক সমালোচনাত্মক বুলি কোৱা হয়।


সূত্ৰই জনোৱা মতে, গান্ধী চ’ক আৰক্ষী আউটপোষ্টত কৰ্তব্যৰত আছিল এ এছ আই দাশ আৰু তেওঁ চাৰ্ভিচ ৰিভলভাৰেৰে গুলীচালনা কৰে। কিয় নিৰাপত্তাৰক্ষীৰ ত্ৰুটি সংঘটিত হ'ল সেয়া জানিবলৈ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।


এই ঘটনাক গৰিহণা দি উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে কয় যে, "সন্মানীয় মন্ত্ৰী নৱ দাশক আক্ৰমণৰ দুৰ্ভাগ্যজনক ঘটনাত মই স্তম্ভিত হৈছো। তেওঁৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিছো। তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।"


ইতিমধ্যে, আৰক্ষীয়ে আটক কৰি জিম্মাত লৈছে এ এছ আই দাশক। তেওঁৰ পৰা উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ জব্দ কৰি জেৰা অব্যাহত আছে। এই আক্ৰমণৰ আঁৰৰ উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই বুলি সূত্ৰই প্ৰকাশ কৰিছে। পিছত মন্ত্ৰীগৰাকীক ঝাৰছুগুড়া বিমানবন্দৰলৈ লৈ যোৱা হয় আৰু উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সত ভুৱনেশ্বৰৰ এপ’ল’ হাস্পতাললৈ লৈ যোৱা হৈছে।

শেহতীয়া বাতৰি