ঘূৰ্ণীবতাহ 'ফণী'ক লৈ ওড়িশাত হাইএলাৰ্ট, পৰ্যটকক পুৰী এৰাৰ আহ্বান ৰাজ্য চৰকাৰৰ

ওড়িশা, অন্ধ্ৰপ্ৰদেশ, পশ্চিম বংগৰ উপকূলীয় এলেকাৰ ক্ষয়–ক্ষতিৰ বাবে তৎপৰ সেনা, এনডিআৰএফ–এছডিআৰএফ।

news18assam
Updated:May 4, 2019, 12:09 AM IST
ঘূৰ্ণীবতাহ 'ফণী'ক লৈ ওড়িশাত হাইএলাৰ্ট, পৰ্যটকক পুৰী এৰাৰ আহ্বান ৰাজ্য চৰকাৰৰ
উপগ্ৰহৰ পৰা লোৱা শেহতীয়া ছবি
news18assam
Updated: May 4, 2019, 12:09 AM IST

আনন্দ এছ টি দাসঃ ওড়িশা চৰকাৰ আৰু দুৰ্যোগ প্ৰশমন বিভাগে ঘূৰ্ণীবতাহ 'ফণী'ৰ প্ৰভাৱ কম কৰিবলৈ যৎপৰোনাস্তি ব্যৱস্থা গ্ৰহণ কৰিছে। শুকুৰবাৰে ৰাজ্য খনৰ মাজেৰে বিধ্বংসী ধুমুহাজাক পাৰ হোৱাৰ সম্ভাৱনা। বংগোপসাগৰৰ পৰা সৃষ্টি আটাইতকৈ ভয়ংকৰ ঘূৰ্ণীবতাহৰ ৰূপ লৈছে ফণীয়ে।


মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ হৈ সকলো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত হৈ আছে ৯জনকৈ আইএএছ বিষয়া। ইয়াৰে সাতজন বিষয়াক ছখন জিলাৰ সাহাৰ্য, উদ্ধাৰ আৰু পুনঃসংস্থাপনৰ দায়িত্ব প্ৰদান কৰা হৈছে।

সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে বৃহস্পতিবাৰৰ পৰা।

কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী মতে ঘূৰ্ণীবতাহজাকে সোমবাৰে সন্ধিয়াৰ ভাগলৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বুধবাৰলৈকে ইয়াৰ প্ৰকৃতি বিধ্বংসী হৈ পৰিছে। ইতিমধ্যে ওড়িশা, পশ্চিম বংগ আৰু অন্ধ্ৰ প্ৰদেশলৈ এখন আনুষ্ঠানিক ঘূৰ্ণীবতাহৰ সতৰ্কবাণী প্ৰেৰণ কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে। উপকূলীয় এলেকাসমূহৰ পৰা মানুহক আঁতৰোৱাৰ পৰামৰ্শ দিয়া হৈছে।

আগন্তুক কেইটামান ঘণ্টাৰ ভিতৰতে ঘূৰ্ণীবতাহ ফণীয়ে উত্তৰপশ্চিম দিশেৰে গতি কৰি ওড়িশাৰ উপকূল স্পৰ্শ কৰিব। এই ধুমুহাই পৱিত্ৰ তীৰ্থস্থল পুৰীকো স্পৰ্শ কৰিব শুকুৰবাৰে। কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ তথ্য মতে প্ৰকাশ। ইয়াত কোৱা হৈছে ঘণ্টাত ১৭৫–১৮৫কিলোমিটাৰ বেগত অহা ধুমুহাজাকৰ গতি ২০৫কিলোমিটাৰ প্ৰতিঘণ্টালৈ বৃদ্ধি পাব পাৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাৰ্ল হাৰ্বাৰ স্থিত নেভী আৰু এয়াৰ ফৰ্চৰ যুটীয়া সংস্থা টাইফুন ৱাৰ্নিং চেণ্টাৰৰ শেহতীয়া তথ্য অনুসৰিও ফণী শুকুৰবাৰে ওড়িশা পাবহি।

কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে বুধবাৰে দুপৰীয়া ভাগত কয় ঘূৰ্ণীবতাহ ফণী পুৰীৰ পৰা ৬৬০কিলোমিটাৰ আৰু বিশাখাপট্টনমৰ পৰা ৪০০ কিলোমিটাৰ দূৰৈত আছে। ফণীৰ প্ৰভাৱৰ বাবেই সাগৰপৃষ্ঠৰ ঢৌ ১.৫মিটাৰ পৰ্যন্ত ওপৰলৈ উঠিব পাৰে।

পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ তৎপৰতা


ওড়িশা চৰকাৰে পৰ্যটকসকলক তীৰ্থস্থল পুৰী এৰিবলৈ পৰামৰ্শ দিছে। আগন্তুক চাৰিদিনৰ বাবে উপকূলীয় এলেকালৈ নাযাবলৈও পৰামৰ্শ দিয়া হৈছে। মাছমৰীয়াসকলকো সাৱধান কৰি দিয়া হৈছে। দুৰ্যোগ প্ৰশমন বিভাগে ইতিমধ্যে ৮৭৯টা মাল্টিপাৰপজ ধুমুহা আশ্ৰয় শিৱিৰ প্ৰস্তুত কৰি ৰাখিছে যাতে সহস্ৰাধিক লোকক আশ্ৰয় দিব পৰা যায়।

এনডিআৰএফে ওড়িশাৰ স্পৰ্শকাতৰ এলেকাত ২৮টা দল নিয়োগ কৰিছে। ৰাজ্য চৰকাৰে ইতিমধ্যেই এছডিআৰএফৰ ২০টা ইউনিট সাজু কৰি ৰাখিছে। উপকূলীয় সুৰক্ষা বাহিনী আৰু নৌসেনাই জাহাজ আৰু হেলিকপ্তাৰ সাজু কৰি ৰাখিছে যাতে যিকোনো পৰিস্থিতিৰ সৈতে সন্মুখীন হ’ব পৰা যায়। ওড়িশা, অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিম বংগৰ বাবে থল সেনা আৰু বায়ুসেনাৰো দল সাজু হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি