উৰিষ্যাত ৩০ এপ্ৰিললৈ বৃদ্ধি ল’ক ডাউন, মুখ্যমন্ত্ৰীয়ে ক’লে- ‘এতিয়া আৰু পৰিবেশ আগৰ দৰে হৈ থকা নাই’

News18 Assam | News18-Assam
Updated:April 10, 2020, 3:34 PM IST
উৰিষ্যাত ৩০ এপ্ৰিললৈ বৃদ্ধি ল’ক ডাউন, মুখ্যমন্ত্ৰীয়ে ক’লে- ‘এতিয়া আৰু পৰিবেশ আগৰ দৰে হৈ থকা নাই’
ল’ক ডাউন চলি থকাৰ মাজতো দেশত বাঢ়িছে কোৰোণাত আক্ৰান্তৰ সংখ্যা

ল’ক ডাউন চলি থকাৰ মাজতো দেশত বাঢ়িছে কোৰোণাত আক্ৰান্তৰ সংখ্যা

  • Share this:
এতিয়া সমগ্ৰ দেশতে কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। প্ৰত্যেকদিনাই বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। দেশত এতিয়ালৈকে ৫৭৪৩ জন আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত। কোৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি চলি থকা লক ডাউন অহা ৩০ এপ্ৰিললৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উৰিষ্যা চৰকাৰে।

এই সিদ্ধান্ত গ্ৰহণ কৰিছে উৰিষ্যা চৰকাৰে। এই নিৰ্দেশ জাৰি কৰি উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে কয় যে, ‘সবাটোতকৈ ডাঙৰ সংকট কোৰোণা ভাইৰাছ। যি সমগ্ৰ মানৱ জাতিৰ বাবেই হৈ পৰিছে প্ৰত্যাহ্বান স্বৰূপ। এতিয়া আৰু পৰিবেশ আগৰদৰে হৈ থকা নাই।’

উল্লেখযোগ্য যে, উৰিষ্যাত এতিয়ালৈকে ৪২জনৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ অৱস্থিতি।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading