মৃত মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ৪ কিলোমিটাৰ কান্ধত তুলি শ্মশানলৈ লৈ গ'ল চাৰি কন্যাই। এই দৃশ্য এতিয়া সৰ্বত্ৰ চৰ্চিত। মাতৃৰ মৃত্যুৰ পিছতে দুগৰাকী পুত্ৰসন্তান অমান্তি হয় মাতৃৰ মুখাগ্নি কৰিবলৈ। গতিকে চাৰিগৰাকী কন্যাই বহন কৰিবলগীয়া হয় দায়িত্ব।
ওড়িশ্যাত সংঘটিত হৈছে এই ঘটনা। দুই পুত্ৰই অস্বীকাৰ কৰে শেষকৃত্য কাৰ্যসূচীৰ বাবে৷ ইয়াৰ পাছতে চাৰিগৰাকী কন্যাই মৃত মাতৃৰ শৱদেহ চাঙিত তুলি লৈ যায় শেষকৃত্যৰ বাবে৷
দেওবাৰে মৃত্যু হৈছিল পুৰিৰ মংগলাঘাটৰ জাতি নায়ক নামৰ মহিলাগৰাকীৰ৷ তেওঁৰ পৰিয়ালত আছিল দুই পুত্ৰ আৰু চাৰিগৰাকীকৈ কন্যা সন্তান৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি দুই পুত্ৰই মাতৃৰ মৃত্যুৰ পাছত আগবাঢ়ি নাহিল শেষকৃত্যৰ বাবে৷
চুবুৰীয়াসকলে চৈয়দ নামৰ এজন লোকে এইসন্দৰ্ভত কৈছিল যে, দুয়োটা সন্তানে মাতৃৰ শেষকৃত্যলৈ যাবলৈ অমান্তি হোৱাত সমাজৰ পৰম্পৰা ভাঙি এনেদৰে আগবাঢ়ি যাবলগীয়া হল চাৰিওগৰাকী কন্যা। একাংশ চুবুৰীয়াই এই ক্ষেত্ৰত সহায় কৰে মহিলাগৰাকীক।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 04, 2022, 10:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।