• Home
  • »
  • News
  • »
  • nation
  • »
  • "এইটো ভাৰতৰ বাবে গৌৰৱৰ অনুষ্ঠান": জি-২০ সন্মিলনৰ পূৰ্বে দিল্লীত সৰ্বদলীয় বৈঠক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

"এইটো ভাৰতৰ বাবে গৌৰৱৰ অনুষ্ঠান": জি-২০ সন্মিলনৰ পূৰ্বে দিল্লীত সৰ্বদলীয় বৈঠক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে বৈঠকত কয় যে জি-২০ৰ সন্মিলনত অধ্যক্ষতা এটা দলৰ এজেণ্ডা নহয়, সমগ্ৰ দেশৰ এজেণ্ডাৰ বিষয় বুলিও সূত্ৰই প্ৰকাশ কৰিছে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে বৈঠকত কয় যে জি-২০ৰ সন্মিলনত অধ্যক্ষতা এটা দলৰ এজেণ্ডা নহয়, সমগ্ৰ দেশৰ এজেণ্ডাৰ বিষয় বুলিও সূত্ৰই প্ৰকাশ কৰিছে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে বৈঠকত কয় যে জি-২০ৰ সন্মিলনত অধ্যক্ষতা এটা দলৰ এজেণ্ডা নহয়, সমগ্ৰ দেশৰ এজেণ্ডাৰ বিষয় বুলিও সূত্ৰই প্ৰকাশ কৰিছে।

  • Share this:
ভাৰতৰ জি-২০ সন্মিলনত অধ্যক্ষতাৰ ওপৰত আলোকপাত কৰি সোমবাৰে মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। সকলো দলৰ নেতাৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ জি-২০ সন্মিলনত অধ্যক্ষতা দেশৰ বাবে গৌৰৱৰ এক অনুষ্ঠান। প্ৰধানমন্ত্ৰীয়ে ইয়াক সফল কৰি তুলিবলৈ তেওঁলোকৰ সহযোগিতা বিচৰাৰ বিপৰীতে বিৰোধী নেতাসকলে তেওঁক এই সুযোগ দেশৰ লাভৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

জি-২০ বা গ্ৰুপ অৱ ২০ হৈছে বিশ্বৰ প্ৰধান উন্নত আৰু উন্নয়নশীল অৰ্থনীতিসমূহৰ আন্তঃচৰকাৰী মঞ্চ। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণত দৃঢ়তাৰে কয় যে “এইটো সমগ্ৰ দেশৰ বাবে গৌৰৱৰ অনুষ্ঠান আৰু ইয়াৰ সফলতাত সকলোৱে অৰিহণা যোগাব লাগে।”

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে বৈঠকত কয় যে জি-২০ৰ সন্মিলনত অধ্যক্ষতা এটা দলৰ এজেণ্ডা নহয়, সমগ্ৰ দেশৰ এজেণ্ডাৰ বিষয় বুলিও সূত্ৰই প্ৰকাশ কৰিছে।



সীতাৰাম য়েচুৰী আৰু বাওঁপন্থী ডি ৰাজাকে ধৰি একাংশ বিৰোধী নেতাই ভাৰতে অধ্যক্ষ পদ গ্ৰহণ কৰাটো ঘূৰণীয়াকৈ হোৱা বুলি উল্লেখ কৰি চৰকাৰৰ কৃতিত্ব হিচাপে প্ৰক্ষেপ কৰা উচিত নহয় বুলি সূত্ৰই প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে বিজেপিৰ এখন বৈঠকত একেধৰণৰ ভাষণ দি কয় যে প্ৰতিজন নাগৰিকে এই উন্নয়নক লৈ গৌৰৱ কৰিব লাগে।



কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে বৈঠকত কয় যে ভাৰতে জি-২০ৰ অধ্যক্ষতা লাভ কৰাটো গৌৰৱৰ বিষয় আৰু মোডীক এই সুযোগ দেশৰ লাভালাভ কৰি চীনক সীমান্তত আগ্ৰাসন চলোৱাৰ পৰা বিৰত ৰখাত সহায় কৰাৰ লগতে বাণিজ্য শুধৰণি কৰিবলৈ কয়।

ইয়াৰ উপৰিও তেওঁ প্ৰধানমন্ত্ৰীক এই সুযোগ ব্যৱহাৰ কৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আসন নিশ্চিত কৰাত সহায় কৰিবলৈ কয় আৰু ২০০৮ চনৰ অৰ্থনৈতিক সংকটৰ সময়ত তেওঁৰ পূৰ্বৰ মনমোহন সিঙে কৰা দৰে ৰাষ্ট্ৰসমূহক ঋণ সংকটৰ পৰা মুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ কয় বুলি সূত্ৰই জনায়।



সোমবাৰে জি-২০ শীৰ্ষ সন্মিলনৰ এই বৈঠকত অংশগ্ৰহণ কৰি তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে আস্থা প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সুযোগৰ সহায় লৈ পৃথিৱীৰ সমগ্ৰ ঠাইতে শান্তি, অহিংসা, সমন্বয়, আৰু সম ন্যায়ৰ মূল্যবোধক প্ৰচাৰ কৰিব।

আনুষ্ঠানিক বিবৃতিৰ উদ্ধৃতিৰে তেওঁ কয় যে ভাৰতে ২০২৩ চনৰ বাবে জি-২০ৰ অধ্যক্ষ পদ গ্ৰহণ কৰাৰ বাবে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অভিনন্দন জনাইছো। এয়া আমাৰ দেশৰ বাবে অতি গৌৰৱৰ বিষয় আৰু আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ প্ৰসাৰৰ ক্ষেত্ৰত আমাৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে।



এই বৈঠকত উপস্থিত নাথাকিল টি আৰ এছৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাও আৰু জে ডি ইউৰ মুৰব্বী লালন সিং। সভাখন এৰি চলিলে আৰজেডিয়েও।

উক্ত বৈঠকত ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, ছিকিমৰ প্ৰেম সিং তামাং, আৰু মহাৰাষ্ট্ৰৰ একনাথ শিণ্ডে উপস্থিত থাকে।

লগতে উপস্থিত থাকে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, অন্ধ্ৰপ্ৰদেশৰ সমকক্ষ জগন মোহন ৰেড্ডী, তামিলনাডুৰ এম কে ষ্টেলিন, বিজেপিৰ সভাপতি জে পি নাড্ডা, প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱে গৌড়া আৰু তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডু।



১ ডিচেম্বৰত ভাৰতে আনুষ্ঠানিকভাৱে জি-২০ৰ অধ্যক্ষ পদ গ্ৰহণ কৰে। এই মাহৰ পৰা সমগ্ৰ দেশতে ২০০ৰো অধিক প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। অহা বছৰৰ ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত ৰাষ্ট্ৰপতি বা চৰকাৰৰ মুৰব্বী পৰ্যায়ত পৰৱৰ্তী জি-২০ নেতা সন্মিলন অনুষ্ঠিত হোৱাৰ কথা আছে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি