ডঃ মনমোহন সিঙৰ প্ৰজ্ঞা, ব্যক্তিত্বক ভূয়সী প্ৰশংসা কৰিলেও বাৰাক অ’বামাই এঠাইত লিখিছে, 'একাধিক ৰাজনৈতিক বিশ্লেষকৰ এটাই মত যে ছোনিয়া গান্ধীয়ে মনমোহন সিঙক বাছি লোৱাৰ কাৰণ এটাই আছিল যে তেওঁ এজন প্ৰৱীণ শিখ তথা তেওঁৰ নিজৰ কোনো ৰাজনৈতিক ভিত্তি নাই। ফলত ৰাহুল গান্ধীৰ কাৰণে ভৱিষ্যতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহ’ব। সেই সময়ত চল্লিশ বছৰীয়া ৰাহুল গান্ধীক কংগ্ৰেছ দলৰ দায়িত্ব লোৱাৰ কাৰণে প্ৰস্তুত কৰিছিল ছোনীয়া গান্ধীয়ে।'
মনমোহন সিঙৰ ঘৰত এটা নৈশভোজত অংশ লোৱাৰ কথাও উল্লেখ কৰিছে বাৰাক অ’বামাই। য’ত ছোনীয়া তথা ৰাহুল গান্ধীও উপস্থিত আছিল। মনমোহন সিঙে প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ পিছত ৰাহুলক সেই পদত বহুৱাব নে নাই তাক লৈও মনত কৌতুহল থকাৰ কথা নিজৰ গ্ৰন্থত স্বীকাৰ কৰিছে অ’বামাই।