ভাৰত চৰকাৰে কৰিলে চীনৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক! ভাৰতত নিষিদ্ধ হ’ল ৫৯টা চাইনীজ এপ। তাৰ মাজত অন্যতম TIKTOK, TIKTOK নিষিদ্ধ হোৱাৰ পিছতে কম বেছি পৰিমাণে সমগ্ৰ দেশত চলিছে চৰ্চা। বিভিন্ন জনে দিছে নিজৰ প্ৰতিক্ৰিয়া। তাৰ মাজতে তৃণমুল কংগ্ৰেছৰ সাংসদ তথা বেংগলৰ জনপ্ৰিয় অভিনেত্ৰী নুসৰাত জাহানে সমালোচনা কৰিলে চৰকাৰৰ সিদ্ধান্তক।
নুসৰাত জাহানে কয় যে, ‘টিকটক বন্ধ কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে আবেগ সৃষ্টি কৰিবলৈ লোৱা সিদ্ধান্ত। চৰকাৰৰ হাতত যিহেতু অন্য কোনো প্লেন নাই। সিসকল এতিয়া কৰ্মহীন হ’ল, তেওঁলোকৰ বাবে কি কৰিব এতিয়া চৰকাৰে।’
অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে,‘মানুহ এতিয়া এনেদৰে হতাশ হৈছে, যেতিয়া বিমুদ্ৰাকৰণৰ সময়ত হৈছিল। ৰাষ্ট্ৰীয় সুৰক্ষাৰ কথা কৈ এইসমূহ নিষিদ্ধ কৰা হৈছে। পিছে ইয়াৰ উত্তৰ কোনে দিব?’
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|