পশ্চিমবংগত জন্মগ্ৰহণ কৰা অভিনেত্ৰী তথা সাংসদ নুছৰত জাহানে মডেলিঙৰ পৰাই কেৰিয়াৰ আৰম্ভ কৰিছিল ৷ ফেয়াৰ ৱান মিছ কলকাতা (Miss Kolkata)হিচাপেও নিৰ্বাচিত হৈছিল তেওঁ ৷ ২০১১ চনত 'শত্ৰু' ছবিৰ জৰিয়তে টলিউডত আত্মপ্ৰকাশ কৰিছিল নুছৰতে। সম্প্ৰতি নিজৰ বিবাহ বিচ্ছেদক লৈ চৰ্চাত থকা নুছৰত বিয়াৰ পূৰ্বেও ভিন্ন বিতৰ্কত সোমাই পৰিছিল ।
অভিনয়ৰ লগতে ৰাজনীতিত সোমাই পৰা নুছৰতে বছিৰাহট আসনৰ পৰা বিপুল ভোটত জয়ী হৈ লোকসভালৈ গৈছিল ৷ নিৰ্বাচনৰ সময়তো প্ৰতিদিন শিৰোনাম দখল কৰিছিল নুছৰতে ৷
বিবাহৰ পিছত যেতিয়া প্ৰথমবাৰৰ বাবে সংসদত উপস্থিত হৈ শপত গ্ৰহণ কৰিছিল, সেইসময়তো মংগলসূত্ৰ আৰু সেন্দূৰক লৈ চৰ্চাত আছিল নুছৰত। ধৰ্মীয় নেতাসকলে ফতোৱা জাৰি কৰি কৈছিল যে নুছৰত এগৰাকী মুছলমান মহিলা, তেওঁ সেন্দূৰ লগাব নোৱাৰে।
ইয়াৰ পিছতে আধুনিক কাপোৰ পিন্ধি সংসদত প্ৰৱেশ কৰি সকলোকে হতবাক কৰিছিল নুছৰতে, যাৰ বাবে ট্ৰ'লৰো সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী।
ইফালে দুৰ্গা পূজা উপলক্ষে মহালয়াত দুৰ্গাৰ অৱতাৰত নুছৰত জাহানৰ ফটো তোলা কাৰ্য আৰু পূজাত উপস্থিত হোৱা কাৰ্যয়ো চৰ্চা লাভ কৰিছিল, জাঙুৰ খাই উঠিছিল মৌলবাদীসকলে । কিন্তু ফাতোৱা জাৰি কৰাসকলক উচিত প্ৰত্যুত্তৰ দি নুছৰতে কৈছিল, "মই ঈশ্বৰৰ বিশেষ সন্তান, মই সকলো উৎসৱ উদযাপন কৰো । বিতৰ্ক মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়।"
লাভ জেহাদৰ বিষয়টোক লৈ চলি থকা বিতৰ্কৰ মাজতে মন্তব্য প্ৰকাশ কৰি ট্ৰ'ল হৈছিল নুছৰত । প্ৰেমক ব্যক্তিগত বিষয় বুলি অভিহিত কৰি তেওঁ কয় কৈছিল যে প্ৰেমৰ সৈতে জেহাদ হ'ব নোৱাৰে। ভাৰতত কোনেও এইটো হুকুম চলাব নোৱাৰে।
ব'ল্ড ফটোশ্বুটক লৈও কেইবাবাৰো বিতৰ্কত সোমাই পৰিছিল নুছৰত । জনপ্ৰতিনিধি হোৱা সত্ত্বেও যিকোনো ধৰণৰ ফটোশ্বুট কৰাৰ পৰা আঁতৰি থকা নাছিল নুছৰত। তথ্য অনুসৰি, ২০১২ চনত এগৰাকী এংলো-ইণ্ডিয়ান মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত কাদাৰ খানৰ সৈতেও নাম সাঙোৰ খাইছিল নুছৰতৰ। নুছৰতে কাদাৰৰ সৈতে কোনো সম্পৰ্ক অস্বীকাৰ কৰিছিল। যদিও কাদাৰ আৰু নুছৰতে মুম্বাইৰ এখন হোটেলত এটা কোঠা বুক কৰাৰ কথাও পোহৰলৈ আহিছিল । অৱশ্যে পিছৰ পৰ্যায়ত দুয়োৰে মাজৰ সম্পৰ্কৰ বিচ্ছেদ হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|