নতুন দিল্লীঃ হায়দৰাবাদৰ পৰা পোহৰলৈ আহিছে এগৰাকী নাৰ্চিঙৰ ছাত্ৰীৰ সৈতে সংঘটিত হোৱা চাইবাৰ অপৰাধৰ এক চাঞ্চল্যকৰ গোচৰ। ইয়াত চাইবাৰ অপৰাধীয়ে ছাত্ৰীগৰাকীৰ পৰা ১৬ লাখ টকা লুটি লৈ যায়। এই সকলোবোৰ ঘটিছিল যেতিয়া ছাত্ৰীগৰাকীয়ে নিজৰ বৃক্ক বিক্ৰী কৰি পিতৃৰ একাউণ্টৰ পৰা উলিওৱা ২ লাখ টকা ঘূৰাই দিবলৈ চেষ্টা কৰিছিল। নাৰ্চিঙৰ ছাত্ৰীগৰাকীৰ ঘৰ মূলতঃ গুণ্টুৰত। ছাত্ৰজনে স্পন্দনা কাৰ্যসূচীৰ সময়ত এই বিষয়ে আৰক্ষীক অৱগত কৰি সহায় বিচাৰিছিল।
টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ নাৰ্চিং পাঠ্যক্ৰমৰ বাবে হায়দৰাবাদলৈ গৈছিল ছাত্ৰীগৰাকী। তাৰ পিছত, ছাত্ৰীগৰাকীয়ে দেউতাকৰ ইউ পি আই একাউণ্টৰ জৰিয়তে অনলাইনত ঘড়ী, ড্ৰেছ আৰু অন্যান্য সামগ্ৰী অৰ্ডাৰ দিলে। ইয়াৰ পিছত ছাত্ৰীগৰাকীয়ে দেউতাকৰ চকুত পৰাৰ আগতেই এই টকাখিনি ঘূৰাই জমা কৰাৰ কথা ভাবিলে। কিন্তু তেওঁৰ হাতত টকা নাছিল, সেয়েহে ছাত্ৰীগৰাকীয়ে নিকৰ কিডনি বিক্ৰী কৰি টকা উপাৰ্জনৰ অনলাইন উপায় বিচাৰি উলিয়াইছিল।
এনেকৈয়ে ঘটিল প্ৰতাৰণাৰ খেল
দাখিল কৰা এজাহাৰ অনুসৰি ছাত্ৰীগৰাকীয়ে অনলাইনত এটা বিজ্ঞাপনৰ সন্মুখীন হয়, য’ত লিখা আছিল যে বৃক্কৰ জৰুৰী প্ৰয়োজন আছে আৰু দানকাৰীক ৭ কোটি টকা দিয়া হ’ব। এই সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে ডাঃ প্ৰবীণ ৰাজ নামৰ এজন ব্যক্তিৰ সৈতে যোগাযোগ কৰে। এই ব্যক্তিগৰাকীয়ে ছাত্ৰীগৰাকীক ক’লে যে তেওঁক প্ৰথমতে ৩.৫ কোটি টকা দিয়া হ’ব আৰু বাকী টকা পিছত দিয়া হ’ব।
কেৱল এয়াই নহয়, অভিযুক্তই ছাত্ৰীগৰাকীৰ চিকিৎসাৰ প্ৰতিবেদন বিচাৰিও কয় যে তেওঁ বৃক্ক দানৰ বাবে যোগ্য। ইয়াৰ পিছত আৰম্ভ হ’ল প্ৰতাৰণাৰ প্ৰকৃত খেল। কৰ আৰু পুলিচ ভেৰিফিকেচনৰ নামত কন্যা ছাত্ৰীগৰাকীৰ পৰা ১৬ লাখ টকা দাবী কৰি দুষ্ট চক্ৰক এই ধনৰাশি দিয়ে কন্যা ছাত্ৰীগৰাকীয়ে। কিন্তু, যেতিয়া ছাত্ৰীগৰাকীয়ে নিজৰ ধন বিচাৰিলে অভিযুক্তই ছাত্ৰীগৰাকীক দিল্লীলৈ গৈ ধন সংগ্ৰহ কৰিবলৈ কয়। ছাত্ৰীগৰাকীয়ে তাত উপস্থিত হোৱাৰ লগে লগে ঠিকনাটো ভুৱা বুলি গম পায়।
পিতৃৰ এটিএমৰ পৰা উলিয়াইছিল ধন
আচলতে ছাত্ৰীগৰাকীয়ে পিতৃৰ একাউণ্টৰ পৰা ১৬ লাখ টকা উলিয়াইছিল। ছাত্ৰীগৰাকীৰ পিতৃয়ে কয় যে তেওঁৰ এখন এটিএম কাৰ্ড তেওঁৰ কন্যাক দিছিল। নৱেম্বৰ মাহত ইয়াৰ পৰা নগদ ধন উলিওৱা হৈছিল। লাভ কৰা তথ্য অনুসৰি পিতৃয়ে কন্যাক ঘৰলৈ আহিবলৈ কৈছিল যদিও হোষ্টেলৰ পৰা আন ঠাইলৈ গৈছিল। এই সন্দৰ্ভত পিতৃয়ে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে। আৰক্ষীয়ে তালাচী আৰম্ভ কৰাৰ সময়তে অন্ধ্ৰ প্ৰদেশৰ এন টি আৰ জিলাৰ জগয়াপেটাৰ বন্ধুৰ ঘৰত ছাত্ৰীগৰাকীক উদ্ধাৰ কৰে।
Published by: Subham Goswami
FIRST PUBLISHED : December 15, 2022, 16:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।