உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • কোলাত ৯ মহীয়া সন্তান! মাতৃক একেলগে কোভিশ্বিল্ডৰ ২ ডোজ ভেকচিন দিলে নাৰ্ছ! সৰ্বত্ৰ চাঞ্চল্য

    কোলাত ৯ মহীয়া সন্তান! মাতৃক একেলগে কোভিশ্বিল্ডৰ ২ ডোজ ভেকচিন দিলে নাৰ্ছ! সৰ্বত্ৰ চাঞ্চল্য

    পশ্চিমবংগৰ Bankuraৰ পখন্না স্বাস্থ্যকেন্দ্ৰত এগৰাকী মহিলাক একেলগে দুটা ডোজ কোভিড ভেকচিন দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

    পশ্চিমবংগৰ Bankuraৰ পখন্না স্বাস্থ্যকেন্দ্ৰত এগৰাকী মহিলাক একেলগে দুটা ডোজ কোভিড ভেকচিন দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

    পশ্চিমবংগৰ Bankuraৰ পখন্না স্বাস্থ্যকেন্দ্ৰত এগৰাকী মহিলাক একেলগে দুটা ডোজ কোভিড ভেকচিন দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

    • Share this:
    কোৰোণাৰ দুটা ডো়জ টিকা একেলগে দিয়াৰ অভিযোগ। পশ্চিমবংগৰ Bankuraৰ পখন্না স্বাস্থ্যকেন্দ্ৰত এগৰাকী মহিলাক একেলগে দুটা ডোজ কোভিড ভেকচিন দিয়াৰ অভিযোগ উত্থাপিত হৈছে। এতিয়া মহিলাগৰাকীৰ পাৰ্শ্বক্ৰিয়াৰ আশংকা কৰিছে পৰিয়ালে। কিদৰে এনে দায়িত্বজ্ঞানহীন ঘটনা সংঘটিত কৰিলে হাস্পতাল কৰ্মীয়ে, তাৰ ওপৰত তদন্তৰ আশ্বাস দিছে স্থানীয় বিধায়ক আলোক মুখাৰ্জীয়ে।

    শুকুৰবাৰে পুৱা কোৰোণাৰ টিকা ল'বলৈ স্বাস্থ্যকেন্দ্ৰটোলৈ গৈছিল মন্দিৰা পাল নামৰ মহিলাগৰাকী। অভিযোগ- মহিলাগৰাকীক একেলগে দুবাৰ কোভিশ্বল্ড ভেকচিন প্ৰদান কৰে কৰ্তব্যত থকা নাৰ্ছে। এই খবৰ ওলোৱাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পাৰ্শ্বক্ৰিয়াৰ আশংকাত এতিয়া দিন পাৰ কৰিছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে।

    স্থানীয় সূত্ৰৰ পৰা জনা গৈছে যে, বাকুড়াৰ ৰাজমাধপুৰ গাঁৱৰ মন্দিৰা পালে স্থানীয় আশা কৰ্মীৰ পৰা জানিব পাৰে যে, ৬ৰ পৰা ১২ বছৰৰ শিশুৰ মাতৃসকলক টিকা দিয়াৰ ব্যৱস্থা কৰিছে স্থানীয় স্বাস্থ্যকেন্দ্ৰই। খবৰ লাভ কৰি নিজৰ ৯ মহীয়া সন্তানক কোলাত লৈ গাঁৱৰ পৰা প্ৰায় ৪ কিলো মিটাৰ দূৰৈত থকা স্বাস্থ্যকেন্দ্ৰটোত উপস্থিত হয় মহিলাগৰাকী। ৰেজিষ্ট্ৰেছন কৰাৰ পিছত মহিলাগৰাকীৰ বাওঁহাতত কোভিশ্বিল্ডৰ প্ৰথম ডোজ ভেকচিন দিয়ে স্বাস্থ্যকৰ্মীয়ে। ইয়াৰ পিছত নিয়ম অনুসৰি, কিছু সময় বহিবলৈ দিয়ে। অভিযোগ অনুসৰি, তাৰ পিছতে স্বাস্থ্যকৰ্মীগৰাকীয়ে আকৌ এবাৰ তেওঁৰ বাওঁহাতত একেটাই ইনজেকশ্যন প্ৰদান কৰে।

    কোভিশ্বিল্ডৰ দুটা ডোজ ভেকচিন লোৱাৰ পিছত মন্দিৰা পালৰ শৰীৰত এই পৰ্যন্ত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া হোৱা নাই। কিন্তু ন-মহীয়া সন্তানক স্তনপান কৰাই আছে মহিলাগৰাকীয়ে। ফলত শিশুটিৰ স্বাস্থ্যক লৈ শংকিত হৈ পৰিছে সমগ্ৰ পৰিয়াল।
    Published by:Himangshu Bhuyan
    First published: