দেশত পোণ প্ৰথমবাৰৰ বাবে Covid-19ত আৰোগ্য হোৱাৰ লোকৰ সংখ্যাই চেৰ পেলাইছে সক্ৰিয় লোকৰ সংখ্যাক । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে আজি জাৰি কৰা তথ্য অনুসৰি কালি অৰ্থাৎ ৯ জুন তাৰিখে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ১,৩৩,৬৩২ আৰু আৰোগ্য হোৱাৰ ৰোগীৰ সংখ্যা আছিল ১,৩৫,২০৬ । আৰোগ্য হোৱাৰ লোকৰ সংখ্যা শৰীৰত কোৰোণা ভাইৰাছ সক্ৰিয় হৈ থকা লোকতকৈ ১৫৭৪ জন অধিক । আৰোগ্য হোৱাৰ লোকৰ শতাংশই স্পৰ্শ কৰিছে ৪৮.৮৮ লৈ ।
অৱশ্যে কালিৰ দিনটোত ৯৯৮৫ জন লোকৰ শৰীৰত কোৰোণা ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে আৰু ২৭৯ জন লোক মৃত্যুৰ মুখত পৰিছে । সমগ্ৰ দেশতে এই পর্যন্ত মৃতকৰ সংখ্যা ৭৭৪৫ জন । ভাৰতবৰ্ষই এতিয়াও ৰোগীৰ সংখ্যাৰ দিশৰ পৰা সমগ্ৰ বিশ্বত ষষ্ঠ স্থান দখল কৰি আছে ।