• Home
  • »
  • News
  • »
  • nation
  • »
  • CSIR-NET 2022ৰ চূড়ান্ত উত্তৰ কী: কেনেদৰে পৰীক্ষা কৰিব-

CSIR-NET 2022ৰ চূড়ান্ত উত্তৰ কী: কেনেদৰে পৰীক্ষা কৰিব-

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA)য়ে আজি ২ নৱেম্বৰত CSIR-NET 2022ৰ উত্তৰ কী মুকলি কৰিছে।

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA)য়ে আজি ২ নৱেম্বৰত CSIR-NET 2022ৰ উত্তৰ কী মুকলি কৰিছে।

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA)য়ে আজি ২ নৱেম্বৰত CSIR-NET 2022ৰ উত্তৰ কী মুকলি কৰিছে।

  • Share this:
বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ(Council of Scientific and Industrial Research)ৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (National Eligibility Test) চমুকৈ CSIR-NET 2022ৰ চূড়ান্ত উত্তৰ কী মুকলি কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA)য়ে আজি ২ নৱেম্বৰত CSIR-NET 2022ৰ উত্তৰ কী মুকলি কৰিছে। পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে তেওঁলোকৰ উত্তৰ কী অফিচিয়েল ৱেবছাইট https://csirnet.nta.nic.in/ ত গৈ পৰীক্ষা আৰু ডাউনলোড কৰিব পাৰিব।

NTAয়ে চলিত বৰ্ষৰ ১৬, ১৭, আৰু ১৮ ছেপ্টেম্বৰত CSIR-NET 2022 পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু ফলাফল 29 অক্টোবৰত প্ৰকাশ কৰা হৈছিল। এনটিএয়ে ফলাফল মুকলি কৰাৰ আগতে অস্থায়ী উত্তৰ কী মুকলি কৰিছিল। চূড়ান্ত উত্তৰ কীত উল্লেখ কৰা শুদ্ধ উত্তৰৰ আধাৰত ফলাফলটো মুকলি কৰা হয়। প্ৰাৰ্থীসকলে তলত উল্লেখ কৰা পদক্ষেপবোৰ ব্যৱহাৰ কৰি চূড়ান্ত উত্তৰ কী পৰীক্ষা আৰু ডাউনলোড কৰিব পাৰে।

CSIR-NET 2022ৰ চূড়ান্ত উত্তৰ কী: কেনেদৰে পৰীক্ষা কৰিব-

১. প্ৰথমে অফিচিয়েল ৱেবছাইট csirnet.nta.nic.in ত যাব।
২. হোমপেজত ওলোৱা CSIR-NET FINAL ANSWER KEY লিংকত ক্লিক কৰক।
৩. পিডিএফ ফাইলটো খুলিব
৪. পিডিএফ পৰীক্ষা কৰক আৰু ডাউনলোড কৰক।
৫. এটা প্ৰিণ্ট আউট ভৱিষ্যতৰ বাবে ৰাখি থওঁক।

CSIR-NET পৰীক্ষা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ্যতা পৰীক্ষা যাক এনটিএ-য়ে জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ (জেআৰএফ) আৰু ভাৰতীয় বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত লেকচাৰশ্বিপ/সহকাৰী অধ্যাপকৰ যোগ্যতা নিৰ্ধাৰণ কৰিবলৈ ইউজিচিয়ে নিৰ্ধাৰণ কৰা যোগ্যতাৰ চৰ্ত পূৰণ কৰাৰ বাবে অনুষ্ঠিত কৰে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি