আজি ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই (এনটিএ) ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষা স্নাতক (এনইইটি ইউজি)ৰ উত্তৰ কী মুকলি কৰিব বুলি আশা কৰা হৈছে। বিগত ১৭ জুলাইত এনইইটি ইউজি ২০২২ পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে এনটিএৰ অফিচিয়েল ৱেবছাইট - neet.nta.nic.in ত এনইইটি উত্তৰ কী চাব তথা ডাউনলোড কৰিব পাৰিব। ৩০ আগষ্টত উত্তৰ পত্ৰিকা আৰু সঁহাৰি পত্ৰিকাৰ সৈতে এনইইটি উত্তৰৰ ওএমআৰ মুকলি কৰা হ'ব আৰু উত্তৰ কীত শিক্ষাৰ্থীসকলে দাখিল কৰা আপত্তি বিবেচনা কৰাৰ পিছত নীত ২০২২ ৰ ফলাফল ঘোষণা কৰা হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে।
নিট ইউজিৰ উত্তৰ কী কেতিয়া দিয়া হ’ব২৫ আগষ্টত এনটিএ এক বিবৃতি জাৰি কৰি কয় যে, ৩০ আগষ্টত ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই উত্তৰ পত্ৰিকা আৰু সঁহাৰি পত্ৰিকাৰ সৈতে এনইইটি উত্তৰৰ ওএমআৰ মুকলি কৰিব আৰু উত্তৰ পত্ৰিকাত প্ৰাৰ্থীসকলে দাখিল কৰা আপত্তি বিবেচনা কৰাৰ পিছত নীত ২০২২ ৰ ফলাফল neet.nta.nic.in ৱেবছাইটত আপলোড কৰিব।
নিট ইউ জি উত্তৰ কী nta.ac.in আৰু ntaresults.nic.in ত উপলব্ধ হ’ব।
নিট পৰীক্ষাৰ উত্তৰসমূহ (answer key) এনেদৰে ডাউনলোড কৰক––প্ৰথমতে অফিছিয়েল ৱেবছাইত neet.nta.nic.in ত যাব
–এতিয়া ‘view NEET UG 2022 answer key’ লিংকটোত ক্লিক কৰিব
–ইয়াৰ পাছত নিট উত্তৰ কী ২০২২ দেখা পাব, এইটো ক্লিক কৰিব
–উত্তৰ কী ডাউনলোড কৰক আৰু পৰীক্ষা কৰি চাওক
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|