নগা অধ্যুষিত অঞ্চলত কিবা হ'লেই জগৰীয়া হ'ব ভাৰতীয় সেনা : NSCN(K)ৰ সকীয়নি

“নগা জাতিৰ ইতিহাসক ভাৰত চৰকাৰে সন্মান জনোৱা উচিত ৷ ভাৰত আৰু নগাৰ নিজস্ব ইতিহাস আছে আৰু পৰস্পৰে পৰস্পৰক জনা উচিত”- নিকি চুমি

News18-Assam
Updated:August 11, 2019, 1:16 PM IST
নগা অধ্যুষিত অঞ্চলত কিবা হ'লেই জগৰীয়া হ'ব ভাৰতীয় সেনা : NSCN(K)ৰ সকীয়নি
“নগা জাতিৰ ইতিহাসক ভাৰত চৰকাৰে সন্মান জনোৱা উচিত ৷ ভাৰত আৰু নগাৰ নিজস্ব ইতিহাস আছে আৰু পৰস্পৰে পৰস্পৰক জনা উচিত”- নিকি চুমি
News18-Assam
Updated: August 11, 2019, 1:16 PM IST
বিজু কুমাৰ ডেকা : এখন নহয়, দুখনকৈ দেশক একে সময়তে কঠোৰ ভাষাৰে সমালোচনা কৰিছে NSCN(K)-এ৷ নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ উপ–সেনাপ্ৰধান নিকি চুমিয়ে এক বিবৃতিৰ জৰিয়তে সমালোচনা কৰিছে ম্যানমাৰ আৰু ভাৰত চৰকাৰক৷

উপ–সেনাপ্ৰধান নিকি চুমিৰ দাবী, ম্যানমাৰৰ বৰ্তমানৰ NLD চৰকাৰে খৰ্ব কৰিছে নগাৰ মৌলিক অধিকাৰক৷ নগা জাতিৰ স্বাধিকাৰৰ পৰিপন্থী কাম কৰি বৰ্তমানৰ চৰকাৰে নগা জাতিক ডিঙি চেপি হত্যা কৰিব বিচাৰিছে৷ পূৰ্বৰ USDP চৰকাৰৰ নীতিত ম্যানমাৰত নগা ৰাইজে শান্তিৰে আৰু কিছু পৰিমাণে স্বাধীনভাৱে থাকিবলৈ সক্ষম হৈছিল বুলি চুমিয়ে বৰ্তমানৰ NLD চৰকাৰক USDP চৰকাৰৰ নীতিক অনুসৰণ কৰিবলৈ আহ্বান জনায়৷

চুমিয়ে NSCN(K) আৰু অন্যান্য জনজাতীয় বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে ম্যানমাৰ চৰকাৰে চলোৱা অন্তহীন অভিযানক অদূৰদৰ্শী আখ্যা দিয়ে৷ এনে অভিযানে জনজাতীয় কণ্ঠক কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে বুলিও নিকি চুমিয়ে মন্তব্য কৰে৷

ইপিনে, ভাৰত চৰকাৰকো কঠোৰ ভাষাৰে সমালোচনা কৰে নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ উপ–সেনাপ্ৰধান চুমিয়ে ৷ “নগা জাতিৰ ইতিহাসক ভাৰত চৰকাৰে সন্মান জনোৱা উচিত ৷ ভাৰত আৰু নগাৰ নিজস্ব ইতিহাস আছে আৰু পৰস্পৰে পৰস্পৰক জনা উচিত”- এনেদৰে বিবৃতিটোত কয় চুমিয়ে ৷

ইমানতেই ক্ষান্ত নাথাকি চুমিয়ে নাগালেণ্ডত অত্যাধিকভাৱে মোতায়েন কৰা ভাৰতীয় সেনা সন্দৰ্ভত ভাৰত চৰকাৰক সকীয়নি দিয়ে ৷ “নগা অধ্যুষিত অঞ্চলত কিবা অবাঞ্চিত ঘটনা ঘটিলে নিশ্চিতকৈ ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনাই জগৰীয়া হ'ব”- এনেদৰে ভাবুকি সকীয়নি প্ৰদান কৰে নিকি চুমিয়ে ৷

উল্লেখযোগ্য যে মণিপুৰৰ চাণ্ডেল জিলাত ২০১৫ৰ ৪ জুনত সংঘটিত ভয়ংকৰ এম্বুশ্বত জড়িত নিকি চুমিৰ বিৰুদ্ধে National Investigation Agency (NIA)-এ ইতিমধ্যে জাৰি কৰি থৈছে Most Wanted নটিছ ৷
আৰু চাওক পৰৱৰ্তী বাতৰি