ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট এৰি পলাই যাব নোৱাৰে ভাৰত চৰকাৰ : NSCN (IM) নেতাৰ সদম্ভ ঘোষণা

লোকসভা নিৰ্বাচনত কোন জিকে জিকি থাকক, এই নিৰ্বাচন ভাৰতীয় সংবিধানৰ অধীনৰ নিৰ্বাচন আৰু ভাৰতীয়ৰ নিৰ্বাচন : NSCN(IM)

news18assam
Updated:April 16, 2019, 1:07 PM IST
ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট এৰি পলাই যাব নোৱাৰে ভাৰত চৰকাৰ : NSCN (IM) নেতাৰ সদম্ভ ঘোষণা
লোকসভা নিৰ্বাচনত কোন জিকে জিকি থাকক, এই নিৰ্বাচন ভাৰতীয় সংবিধানৰ অধীনৰ নিৰ্বাচন আৰু ভাৰতীয়ৰ নিৰ্বাচন : NSCN(IM)
news18assam
Updated: April 16, 2019, 1:07 PM IST
বিজু কুমাৰ ডেকা : লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ নিজৰ স্থিতি স্পষ্ট কৰিছে নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN(IM)এ ৷ নগা জাতিক সুকীয়া পতাকা আৰু সংবিধান লাগিবই লাগিব বুলি ঘোষনা কৰি NSCN(IM)এ ক'লে, ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টক অবজ্ঞা কৰি ভাৰত চৰকাৰে ক'তো পলাই যাব নোৱাৰে ৷

NEWS18ৰে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত এই কথা স্পষ্ট কৰি দিলে NSCN(IM)ৰ সৰ্বোচ্চ নীতি নিৰ্দ্ধাৰণ কমিটিৰ কাৰ্যবাহী সদস্য ভি হ'ৰামে ৷ উত্তৰ-পূব ভাৰতৰ শক্তিশালী বিদ্ৰোহী সংগঠনটোৰ নেতা হ'ৰামে ক'লে, "আগন্তুক লোকসভা নিৰ্বাচনত কোন জিকে জিকি থাকক ৷ তাত আমি মূৰ নঘমাও ৷ এই নিৰ্বাচন ভাৰতীয় সংবিধানৰ অধীনৰ নিৰ্বাচন আৰু ভাৰতীয়ৰ নিৰ্বাচন ৷ সেয়ে এই বিষয়ত NSCN(IM)এ চিন্তা নকৰে ৷"

কোনো ৰাজনৈতিক দলৰে NSCN(IM)এ আলোচনা কৰা নাই বুলি উল্লেখ কৰি হ'ৰামে স্পষ্ট কৰি দিলে যে বিদ্ৰোহী সংগঠনটোৱে ভাৰত চৰকাৰৰ সৈতেহে আলোচনা কৰিছে ৷

NEWS18ৰে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত জেষ্ঠ নেতা ভি হ'ৰামে এই কথাও উল্লেখ কৰে যে ২০১৫ চনৰ ৩ আগষ্টত ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰ কৰা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টক কেতিয়াও অবজ্ঞা কৰিব নোৱাৰে ৷ "ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট মতে ভাৰত-নগা দুখন সুকীয়া সুকীয়া সাৰ্বভৌম ৰাষ্ট্ৰ ৷ দুয়োৰে সুকীয়া স্বাধীনতা, সুকীয়া চৰকাৰ, সীমা-পৰিসীমা থাকিব ৷ কিন্তু পৰস্পৰে পৰস্পৰক বুজিব আৰু সাৰ্বভৌমত্ব শ্বেয়াৰ কৰিব ৷"

এই টেলিফোনিক সাক্ষাৎকাৰত নগা বিদ্ৰোহী নেতাজনক প্ৰশ্ন কৰা হৈছিল যে ইতিমধ্যে ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে নগাৰ বাবে সুকীয়া পতাকা আৰু সংবিধান দিয়াত ভাৰত চৰকাৰৰ অসুবিধা আছে বুলি কৈছে ৷ এনে প্ৰেক্ষাপটত পৃথক পতাকা আৰু সংবিধানৰ দাবী পূৰণ হ'বনে? এই প্ৰশ্নৰ উত্তৰত নগা বিদ্ৰোহী নেতাজনে স্পষ্টকৈ ক'লে: "কিয় সম্ভৱ নহ'ব? ভাৰতে ইতিমধ্যে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত স্বাক্ষৰ কৰিছে ৷ এই চুক্তিক এৰি ক'ত পলাই যাব পাৰিব ভাৰত চৰকাৰ? চুক্তিত কি কোৱা হৈছে, তাক পৰ্যালোচনা কৰিয়েই আমাক দিব লাগিব আমাৰ পতাকা আৰু সংবিধান ৷ আমাৰ অধিকাৰ, আমাৰ স্বকীয়তাক আমি কেতিয়াও আপোচ কৰা নাই আৰু নকৰো ৷"

এইদৰে নিজ সংগঠনৰ স্থিতি স্পষ্ট কৰি নগা বিদ্ৰোহী নেতা হ'ৰামে ক'লে যে আগন্তুক লোকসভাৰ নিৰ্বাচনক লৈ এতিয়া ভাৰত চৰকাৰ ব্যস্ত আছে ৷ ইয়াৰ বিপৰীতে সংগঠনৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু সাধাৰণ সম্পাদকো এতিয়া ডিমাপুৰত থকা মুখ্য কাৰ্যালয় কেম্প হেব্ৰনত নগা অসামৰিক সংগঠন, সামাজিক সংগঠন আদিৰ সৈতে ধাৰাবাহিক আলোচনাত ব্যস্ত ৷

উল্লেখযোগ্য যে বিগত ৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা কেম্প হেব্ৰনত বাহৰ পাতি আছে NSCN(IM)ৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভা ৷ ভাৰত চৰকাৰৰ সৈতে ১৯৯৭ চনত যুদ্ধ বিৰতি ঘোষণা কৰা আৰু আলোচনা আৰম্ভ কৰাৰ দিনৰে পৰা মুইভাই এনেদৰে দীঘলীয়া সময়ৰ বাবে কেম্প হেব্ৰুনত বাহৰ পাতিছে ৷ বাহৰ পাতিলেও কম দিনৰ বাবে পাতে ৷
আৰু চাওক পৰৱৰ্তী বাতৰি