NSCN-IMৰ সেনাপ্ৰধানৰ ফেচবুক একাউণ্ট হেক‌, বিভিন্নজনক টকা বিচাৰি মেছেজ

News18 Assam | News18-Assam
Updated:September 18, 2020, 10:01 AM IST
NSCN-IMৰ সেনাপ্ৰধানৰ ফেচবুক একাউণ্ট হেক‌, বিভিন্নজনক টকা বিচাৰি মেছেজ
সেনাপ্ৰধান এন্থনী ছিমৰেৰ নামত থকা ফেচবুক একাউণ্টটো হেক‌ কৰি অচিনাক্ত দুৰ্বৃত্তই বিভিন্নজনলৈ মেছেঞ্জাৰৰ জৰিয়তে মেছেজ দিছে৷

সেনাপ্ৰধান এন্থনী ছিমৰেৰ নামত থকা ফেচবুক একাউণ্টটো হেক‌ কৰি অচিনাক্ত দুৰ্বৃত্তই বিভিন্নজনলৈ মেছেঞ্জাৰৰ জৰিয়তে মেছেজ দিছে৷

  • News18 Assam
  • Last Updated: September 18, 2020, 10:01 AM IST
  • Share this:
শক্তিশালী নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN-IMৰ সামৰিক গোট, নগা আৰ্মীৰ সেনাপ্ৰধানৰ নামত জালিয়াতি! বিশ্বাস নহ'লেও বিশ্বাস কৰিবই লাগিব৷ কিয়নো নগা আৰ্মীৰ সেনাপ্ৰধান এন্থনী ছিমৰেৰ নামত ছচিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত জালিয়াতি কৰিছে অচিনাক্ত দুৰ্বৃত্তই৷

সেনাপ্ৰধান এন্থনী ছিমৰেৰ নামত থকা ফেচবুক একাউণ্টটো হেক‌ কৰি অচিনাক্ত দুৰ্বৃত্তই বিভিন্নজনলৈ মেছেঞ্জাৰৰ জৰিয়তে মেছেজ দিছে৷ মেছেঞ্জাৰৰ জৰিয়তে মেছেজ দি টকা বিচৰা হৈছে৷ জৰুৰীভাৱে ধনৰ প্ৰয়োজন হৈছে আৰু অতি সোনকালে উল্লেখিত একাউণ্টত টকা জমা দিবলৈ অনুৰোধ জনোৱা হৈছে৷

এই সমগ্ৰ বিষয়টোক লৈ NSCN-IM এতিয়া ভীষণভাৱে ক্ষুব্ধ৷ ফেচবুক একাউণ্ট হেক‌ কৰি অচিনাক্ত দুৰ্বৃত্তই বিভিন্নজনৰ পৰা ধন বিচৰাত মুকলি নিৰ্দেশনা জাৰি কৰিছে সেনাপ্ৰধান এন্থনী ছিমৰেই৷ বৃহস্পতিবাৰে জাৰি কৰা নিৰ্দেশত ছিমৰেই কয়- “NSCN-IM–এ বিষয়টোক গুৰুত্ব সহকাৰে লৈছে আৰু নগা আৰ্মীৰ তৰফৰ পৰা দুৰ্বৃত্তক শীঘ্ৰে ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ কোৱা হৈছে৷ ক্ষমা নুখুজিলে যিকোনো ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাজু হওক৷”
Published by: Sanjay Kumar Das
First published: September 18, 2020, 10:01 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading