অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত সেনা আৰু আৰক্ষীৰ অভিযানত উৎখাত হ’ল সন্দেহজনক NSCN-K(YA)ৰ শিবিৰ। সেনাৰ ১৪ ৰাজপুত ৰেজিমেণ্ট আৰু অৰুণাচল আৰক্ষীৰ যুটীয়া অভিযানত উৎখাত হয় এই অস্থায়ী শিবিৰটো।
News18ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত চাংলাং জিলাৰ আৰক্ষী অধীক্ষক মিহিন গাম্বোৱে কয়, উক্ত স্থানত অভিযানকাৰী দল উপস্থিত হোৱাৰ সময়তে সেই স্থান ত্যাগ কৰে সন্দেহজনক NSCN-K(YA)ৰ দলটোৱে। দলটোত ডজনৰো অধিক সদস্য থকাৰ সন্দেহ কৰা হৈছে।
অৰুণাচল প্ৰদেশ আৰক্ষী আৰু ভাৰতীয় সেনাৰ ১৪ ৰাজপুত ৰেজিমেণ্টে ২২ মাইল মিয়াও–বিজয়নগৰ ৰোডত চলাইছিল এই যুটীয়া অভিযান।
অভিযানকাৰী দলে এটা একে ৪৭ ৰাইফল, ৫০জাঁই সক্ৰিয় গুলী, এটা মেগজিন, ৬টা ডিট’নেটৰসহ খাদ্য সামগ্ৰী জব্দ কৰে বুলি মন্তব্য কৰিছে আৰক্ষী অধীক্ষক গাম্বোৱে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|