সশস্ত্ৰ নগা বিদ্ৰোহী সংগঠন NSCN(K)ৰ অধ্যক্ষ পদত নিযুক্ত হ’ল য়ুং আং

ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে ২০১৮ৰ ১৭ আগষ্টৰ পৰা কাৰ্যনিৰ্বাহ কৰি থকা য়ুং আঙক সংগঠনৰ স্থায়ী অধ্যক্ষ হিচাপে সোমবাৰে নিযুক্তি দিয়ে৷

News18-Assam
Updated:August 6, 2019, 11:16 AM IST
সশস্ত্ৰ নগা বিদ্ৰোহী সংগঠন NSCN(K)ৰ অধ্যক্ষ পদত নিযুক্ত হ’ল য়ুং আং
ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে ২০১৮ৰ ১৭ আগষ্টৰ পৰা কাৰ্যনিৰ্বাহ কৰি থকা য়ুং আঙক সংগঠনৰ স্থায়ী অধ্যক্ষ হিচাপে সোমবাৰে নিযুক্তি দিয়ে৷
News18-Assam
Updated: August 6, 2019, 11:16 AM IST
বিজু কুমাৰ ডেকা : সশস্ত্ৰ নগা বিদ্ৰোহী সংগঠন NSCN(K)ৰ মূৰব্বী পদত অধিষ্ঠিত হ’ল য়ুং আং৷ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে ২০১৮ৰ ১৭ আগষ্টৰ পৰা কাৰ্যনিৰ্বাহ কৰি থকা য়ুং আঙক সংগঠনৰ স্থায়ী অধ্যক্ষ হিচাপে সোমবাৰে নিযুক্তি দিয়ে৷ NEWS18ক এই কথা জনায় NSCN(K)ৰ তথ্য ও সম্প্ৰচাৰ দপ্তৰৰ ভাৰপ্ৰাপ্ত কিলন্সাৰ যোছেফ লামকাঙে। লামকাঙে কয় – ‘সোমবাৰে সংগঠনৰ সকলো সদস্যৰ সন্মতিক্ৰমে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত থকা য়ুং আঙক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়৷ নিযুক্তি দিয়া ক্ষণৰ পৰাই য়ুং আঙে NSCN/GPRNৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিব৷’

যোছেফ লামকাঙে সদৰি কৰা মতে ম্যানমাৰৰ নিজৰ ভ্ৰাম্যমাণ মুখ্য শিবিৰত সোমবাৰে অনুষ্ঠিত হৈছিল সাধাৰণ পৰিষদৰ বৈঠক৷ এই বৈঠকত NSCN/GPRNৰ সকলো সদস্য উপস্থিত আছিল৷

উল্লেখযোগ্য যে বাৰ্মিজ সেনাৰ নিৰৱচ্ছিন্ন অভিযানত টাগাত থকা সকলো শিবিৰ ধ্বংস হৈছিল৷ বিগত ২৯ জানুৱাৰীৰ পৰা টাগা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত চলোৱা অভিযানত উৎখাত হৈছিল NSCN(K)ৰ মুখ্য শিবিৰ৷ যি শিবিৰ এতিয়াও বাৰ্মিজ সেনাৰ দখলত আছে৷ সমান্তৰালভাৱে চলোৱা অভিযানত উৎখাত হৈছিল ভাৰতীয় মূলৰ বিদ্ৰোহী সংগঠন ULFA-I, KLO, NDFB-S, PDCK, KYKL, PLA, UNLF আদিৰ সমস্ত শিবিৰ৷
আৰু চাওক পৰৱৰ্তী বাতৰি