চুক্তি? নতুন দিল্লীলৈ ১৫জনীয়া দলসহ NSCN-IMৰ অধ্যক্ষ কিউ টুছু

News18 Assam | News18-Assam
Updated:September 15, 2020, 6:15 PM IST
চুক্তি? নতুন দিল্লীলৈ ১৫জনীয়া দলসহ NSCN-IMৰ অধ্যক্ষ কিউ টুছু
চুক্তিৰ পূৰ্বে সকলো বিষয়ত সহমত বিচাৰিছে NSCN-IMএ৷ বিশেষকৈ NSCN-IMক লাগে পৃথক পতাকা৷ NSCN-IMক লাগে পৃথক সংবিধান৷

চুক্তিৰ পূৰ্বে সকলো বিষয়ত সহমত বিচাৰিছে NSCN-IMএ৷ বিশেষকৈ NSCN-IMক লাগে পৃথক পতাকা৷ NSCN-IMক লাগে পৃথক সংবিধান৷

  • News18 Assam
  • Last Updated: September 15, 2020, 6:15 PM IST
  • Share this:
সকলো মধ্যস্থতা সম্পন্ন কৰি চলিত মাহতেই নগাৰ সকলো বিদ্ৰোহী গোটৰ সৈতে চূড়ান্ত চুক্তি স্বাক্ষৰ হোৱাতো বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এই হিচাপত দিল্লীত বাহৰ পাতি থকা মুইভাক সংগ দিবলৈ পোন্ধৰজনীয়া এটা দল লৈ দিল্লীলৈ ৰাওনা হৈছে NSCN-IMৰ অধ্যক্ষ কিউ টুছু৷

নগা শান্তি আলোচনাৰ ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী আৰ এন ৰবিৰ অবিহনে আলোচনা চলাই নিছে NSCN-IMএ৷ বিগত জুলাইৰ পৰা নতুন দিল্লীত বাহৰ পাতি থকা NSCN-IMৰ সাধাৰণ সম্পাদক তথা মুখ্য মধ্যস্থতাকাৰী থুইংগালেং মুইভাই আলোচনা চলাই গৈছে Intelligence Buearueৰ দুই অতিৰিক্ত সঞ্চালকৰ সৈতে৷ ইয়াৰ মাজতে সোমবাৰে নতুন দিল্লীলৈ পোন্ধৰজনীয়া এটা শীৰ্ষ নেতৃত্বৰ দল লৈ দিল্লীলৈ ৰাওনা হ'ল সংগঠনটোৰ অধ্যক্ষ কিউ টুছু আৰু উপাধ্যক্ষ টংমেথ ৱাংনাও৷ আমাৰ হাতত পৰা খবৰ মতে, চলিত ছেপ্টেম্বৰতে চুক্তিৰ পোষকতা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

কিন্তু চূড়ান্ত চুক্তিৰ পূৰ্বে সকলো বিষয়ত সহমত বিচাৰিছে NSCN-IMএ৷ বিশেষকৈ NSCN-IMক লাগে পৃথক পতাকা৷ NSCN-IMক লাগে পৃথক সংবিধান৷

পৃথক পতাকা আৰু সংবিধান অবিহনে শক্তিশালী নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৱে বিচৰা নাই চুক্তি৷ ইয়াৰ বিপৰীতে সাতটা বিদ্ৰোহী সংগঠনৰ উমৈহতীয়া মঞ্চ NNPGs সাজু চুক্তিৰ বাবে৷ NNPGs–এ পৃথক পতাকা তথা সংবিধান অবিহনেই ভাৰত চৰকাৰৰ সৈতে চূড়ান্ত চুক্তিৰ বাবে সাজু হৈছে৷

ইপিনে ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী ৰবিৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈ Intelligence Buearueৰ দুই অতিৰিক্ত সঞ্চালকৰ সৈতে আলোচনা চলাই যোৱা মুইভা নেতৃত্বাধীন NSCN-IMক চুক্তিৰ বাবে সৈমান কৰাবলৈ সকলো প্ৰকাৰৰ কূট-কৌশল অব্যাহত ৰাখিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে৷ এইক্ষেত্ৰত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ' আৰু অসমৰ বিত্তমন্ত্ৰী তথা NEDAৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাকো গৃহমন্ত্ৰী অমিত শ্বাহে দিছে কেতবোৰ দায়িত্ব৷ অৱশ্যে কোৰোণাত আক্ৰান্ত হৈ অমিত শ্বাহ সম্প্ৰতি চিকিৎসাধীন হৈ থকাত বিষয়টোৰ অগ্ৰগতি কিমান হৈছে সেয়া অস্পষ্ট৷ কিন্তু প্ৰধানমন্ত্ৰী কাৰ্যালয়ে পোনপটীয়াকৈ আলোচনাৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰি আছে আৰু চলিত মাহতেই চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে ৷
Published by: Sanjay Kumar Das
First published: September 15, 2020, 6:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading