টুইটাৰত একাউণ্ট খুলি কি কৰিছে NSCN-IM–এ?

News18 Assam | News18-Assam
Updated:May 18, 2020, 9:17 PM IST
টুইটাৰত একাউণ্ট খুলি কি কৰিছে NSCN-IM–এ?
টুইটাৰত একাউণ্ট খুলি NSCN-IM আৰু তেওঁলোকৰ স্বয়ম্ভু চৰকাৰ GPRNৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ে এটা টুইট কৰে৷

টুইটাৰত একাউণ্ট খুলি NSCN-IM আৰু তেওঁলোকৰ স্বয়ম্ভু চৰকাৰ GPRNৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ে এটা টুইট কৰে৷

  • Share this:
উত্তৰ-পূব ভাৰতৰ সশস্ত্ৰ সংগ্ৰামৰ বাটকটীয়া স্বৰূপ NSCN যেন ক'তো পিছপৰি নাথাকিব৷ কি ৰাষ্ট্ৰসংঘ, কি UNPO, সকলোতে ইচ্ছাক-মুইভা নেতৃত্বাধীন NSCNৰ দৌৰাত্ম্য৷

আধুনিক প্ৰযুক্তি বিদ্যা প্ৰয়োগৰ ক্ষেত্ৰতো পিছ পৰি থকা নাই৷ এইটো নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠনেই প্ৰথমটো উত্তৰ-পূব  ভাৰতৰ সংগঠন যিয়ে অত্যাধুনিক মাৰণাস্ত্ৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল৷

ইয়াৰ মাজতে এইবাৰ বহু ব্যৱহৃত ছচিয়েল মিডিয়া টুইটাৰত একাউণ্ট খুলিলে NSCN-IM–এ৷ দেওবাৰে টুইটাৰত একাউণ্ট খুলি NSCN-IM আৰু তেওঁলোকৰ স্বয়ম্ভু চৰকাৰ GPRNৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ে এটা টুইট কৰে৷ প্ৰথমটো টুইটত কোৱা হৈছে- আমি ইয়াত সংযুক্ত হ'লো আমাৰ তথ্য আপোনালোকক জনোৱাৰ বাবে৷”

টুইটাৰ একাউণ্টৰ প্ৰফাইলত সংগঠনৰ প্ৰতীক আৰু ক'ভাৰত চলিত বৰ্ষত পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰা দুই শতাধিক সশস্ত্ৰ কেডাৰৰ ফ'টো আপলোড কৰিছে৷
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading