ভাৰত চৰকাৰক এসপ্তাহৰ সময়সীমা বান্ধি দি কি ভাবুকি দিলে NSCN(IM)–এ?

News18 Assam | News18-Assam
Updated:July 14, 2020, 9:51 PM IST
ভাৰত চৰকাৰক এসপ্তাহৰ সময়সীমা বান্ধি দি কি ভাবুকি দিলে NSCN(IM)–এ?
বিগত ১১ জুলাইত অৰুণাচল প্ৰদেশৰ ম্যানমাৰ সীমান্তত আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়ে অভিযান চলাই হত্যা কৰিছিল NSCN-IMৰ ছজনকৈ সশস্ত্ৰ গেৰিলাক৷

বিগত ১১ জুলাইত অৰুণাচল প্ৰদেশৰ ম্যানমাৰ সীমান্তত আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়ে অভিযান চলাই হত্যা কৰিছিল NSCN-IMৰ ছজনকৈ সশস্ত্ৰ গেৰিলাক৷

  • Share this:
এসপ্তাহৰ সময় বান্ধি এইবাৰ ভাৰত চৰকাৰক ভাবুকি দিলে নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN-IM–এ৷ মঙলবাৰে সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ সামৰিক গোট- নগা আৰ্মীৰ মুখ্য কাৰ্যালয়ৰ পৰা দিয়া এক বিবৃতিত কোৱা হয় এনেদৰে- “এসপ্তাহৰ ভিতৰত ভাৰত চৰকাৰে লিখিতভাৱে নিজৰ স্থিতি স্পষ্ট কৰক৷ অন্যথ্যা ইয়াৰ পিছত সৃষ্টি হ'ব পৰা সকলো পৰিস্থিতিৰ বাবে আমি দায়ী নহ’ম৷”

বিগত ১১ জুলাইত অৰুণাচল প্ৰদেশৰ ম্যানমাৰ সীমান্তত আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়ে অভিযান চলাই হত্যা কৰিছিল NSCN-IMৰ ছজনকৈ সশস্ত্ৰ গেৰিলাক৷ এই ঘটনাৰ পিছতে নগা বিদ্ৰোহী সংগঠনটোৱে দিকবিদিক হেৰুৱাই পেলাইছে ৷ ১১ জুলাইৰ ঘটনাক লৈ ইতিমধ্যে একাধিকবাৰ ভাৰত চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে সংগঠনটোৱে৷ ইয়াৰ মাজতে সংগঠনটোৰ সামৰিক গোট- নগা আৰ্মীয়ে দিলে চূড়ান্ত সময় সীমা৷

সাত দিনৰ সময় সীমা বান্ধি দি নগা আৰ্মীয়ে ক'লে- “যুদ্ধবিৰতিৰ পৰিসীমাত কি অৰুণাচল প্ৰদেশৰ নগা অধ্যুষিত অঞ্চল নপৰে? ২০০১ চনৰ ১৪ জুনত স্বাক্ষৰিত বেংকক চুক্তিখনত কি আছে? এই সন্দৰ্ভত আমাক আনুষ্ঠানিকভাৱে এসপ্তাহৰ ভিতৰত জনাওক৷”
Published by: Sanjay Kumar Das
First published: July 14, 2020, 9:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading