• Home
  • »
  • News
  • »
  • nation
  • »
  • ১৫ আগষ্টত প্ৰধানমন্ত্ৰী অথবা গৃহমন্ত্ৰীয়ে চূড়ান্ত নগা চুক্তিক লৈ কৰিব ঘোষণা: ৱাই পেটন

১৫ আগষ্টত প্ৰধানমন্ত্ৰী অথবা গৃহমন্ত্ৰীয়ে চূড়ান্ত নগা চুক্তিক লৈ কৰিব ঘোষণা: ৱাই পেটন

ইতিহাস সৃষ্টি কৰি শক্তিশালী নগা বিদ্ৰোহী সংগঠন NSCN-IMৰ হেড কুৱাৰ্টাৰছ কেম্প হেব্ৰনত মংগলবাৰে পৰ্দাপণ কৰি বিদ্ৰোহী সংগঠনটোৰ শীৰ্ষ নেতৃত্বৰে আলোচনাত মিলিত হ'ল ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰ ৷

  • Share this:
ইতিহাস সৃষ্টি কৰি শক্তিশালী নগা বিদ্ৰোহী সংগঠন NSCN-IMৰ হেড কুৱাৰ্টাৰছ কেম্প হেব্ৰনত মংগলবাৰে পৰ্দাপণ কৰি বিদ্ৰোহী সংগঠনটোৰ শীৰ্ষ নেতৃত্বৰে আলোচনাত মিলিত হ'ল ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰ ৷ মধ্যস্থতাকাৰী মিশ্ৰক কেম্প হেব্ৰনত NSCN-IMয়ে ৰেড কাৰ্পেটেৰে আদৰি গাৰ্ড অৱ অণাৰ জনালে ৷

কেম্প হেব্ৰনৰ মুখ্য প্ৰৱেশ দ্বাৰত আগবাঢ়ি আহি এ কে মিশ্ৰক আদৰিলে NSCN-IMৰ সামৰিক গোট নাগা আৰ্মীৰ সেনাপ্ৰধান এন্থনী ছিমৰে আৰু NSCN-IMৰ কলেক্টিভ লীডাৰশ্বীপৰ নেতা আৰ এইছ ৰাইজিঙে। ইয়াৰ পিছতে কেম্প হেব্ৰনৰ মূল খেলপথাৰত ৰেড কাৰ্পেটেৰে আদৰি মধ্যস্থতাকাৰী এ কে মিশ্ৰক নাগা আৰ্মীৰ সেনানীয়ে জনালে গাৰ্ড অৱ অণাৰ ৷ গাৰ্ড অৱ অণাৰ জনোৱাৰ পিছতে নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ সাধাৰণ সম্পাদক তথা মুখ্য আলোচনাকাৰী থুইংগালেং মুইভাৰে বৈঠকত মিলিত হয় এ কে মিশ্ৰ ৷

প্ৰথমবাৰলৈ ভাৰত চৰকাৰৰ কোনো এজন মধ্যস্থতাকাৰী উপস্থিত হৈ NSCN-IMৰ নেতৃত্বৰে কৰিলে আলোচনা ৷

১৯৯৭ চনৰে পৰা ভাৰত চৰকাৰৰ সৈতে আলোচনাৰ মেজত থকা NSCN-IMয়ে ইতিমধ্যে ভাৰত চৰকাৰৰ সৈতে ২০১৫ৰ ৩ আগষ্টত ফ্ৰেম ৱৰ্ক এগ্ৰিমেণ্টত স্বাক্ষৰ কৰিছে। কিন্তু পৃথক পতাকা আৰু সংবিধানৰ অবিহনে চূড়ান্ত চুক্তিত স্বাক্ষৰ কৰিবলৈ সন্মত নোহোৱা NSCN-IMক বুজাই বঢ়াই আলোচনা চলাবলৈ চেষ্টা অব্যাহত ৰাখিছে নাগালেণ্ড চৰকাৰে ৷ যাৰ ফলশ্ৰুতিত এ কে মিশ্ৰ আহিছে ডিমাপুৰলৈ ৷ শুকুৰবাৰে পুনৰ কেম্প হেব্ৰনত মধ্যস্থতাকাৰী মিশ্ৰই দ্বিতীয়খন আলোচনাত মিলিত হোৱাৰ কথা ৷

ইপিনে মধ্যস্থতাকাৰী মিশ্ৰই সাতটা বিদ্ৰোহী গোটৰ উমৈহতীয়া মঞ্চ NNPGsৰ সৈতেও সুকীয়াকৈ আলোচনাত মিলিত হৈছে ৷ আলোচনা কৰিছে মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ৰ সৈতেও ৷ উপ মুখ্যমন্ত্ৰী ৱাই পেটনে মংগলবাৰে সদৰী কৰা মতে অহা ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নহ'লে গৃহমন্ত্ৰীৰ নিৰ্দেশমৰ্মে কেন্দ্ৰীয় মন্ত্ৰী আহি ডিমাপুৰত নগা শান্তি চুক্তিৰ সন্দৰ্ভত এক ঘোষণা কৰিব ৷
Published by:Kokil Sarma
First published: