NSCN(IM)ৰ কেম্প হেব্ৰুনত নিষেধ মাদকদ্ৰব্য

এই নিষেধাজ্ঞা জাৰি কৰিছে NSCN(IM)ৰ স্বাস্থ্য মন্ত্ৰণালয়ে

News18-Assam
Updated:September 10, 2019, 7:34 PM IST
NSCN(IM)ৰ কেম্প হেব্ৰুনত নিষেধ মাদকদ্ৰব্য
এই নিষেধাজ্ঞা জাৰি কৰিছে NSCN(IM)ৰ স্বাস্থ্য মন্ত্ৰণালয়ে
News18-Assam
Updated: September 10, 2019, 7:34 PM IST
বিজু কুমাৰ ডেকা: এইবাৰ মাদক দ্ৰব্য নিষিদ্ধ কৰা হ'ল কেম্প হেব্ৰুনত ৷ কোনো লোকেই কেম্প হেব্ৰুনত সেৱন কৰিব নোৱাৰিব মাদক দ্ৰব্য ৷ এই নিষেধাজ্ঞা জাৰি কৰিছে NSCN(IM)ৰ স্বাস্থ্য মন্ত্ৰণালয়ে ৷ কেম্প হেব্ৰুন , নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN(IM)ৰ সকলো মুখ্য কাৰ্যালয়ৰ সমষ্টি ৷ মানে ৰাজধানী, অ'কিং ! এই অ'কিঙত এতিয়া নিষিদ্ধ হ'ল মাদক দ্ৰব্য সেৱন ৷

সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ সমান্তৰাল চৰকাৰ অৰ্থাৎ NSCN/GPRN-এ মংগলবাৰে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে যে অকিং এতিয়াৰে পৰা মাদক দ্ৰব্য মুক্ত অঞ্চল ৷ কেৱল নিৰ্দেশনা জাৰি কৰাই নহয়, NSCN(IM)ৰ স্বাস্থ্য মন্ত্ৰালয়ে কেম্প হেব্ৰনত আঁৰি দিছে ফলক ৷

উল্লেখযোগ্য যে অক্টোবৰৰ ভিতৰত ভাৰত চৰকাৰে নগা বিদ্ৰোহী সংগঠন NSCN(IM)ৰ সৈতে কৰিব চূড়ান্ত চুক্তি ৷ এইলৈ মধ্যস্থতাকাৰী তথা নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে সোমবাৰে NSCN(IM)ৰ মুখ্য মধ্যস্থতাকাৰী তথা সাধাৰণ সম্পাদক থুইংগালেং মুইভাৰে এক আলোচনাত মিলিত হয় ৷ ডিমাপুৰৰ চুমেকেডিমাত থকা নাগালেণ্ড আৰক্ষীৰ মেছত অনুষ্ঠিত আলোচনাত পৃথক পতাকা আৰু পৃথক সংবিধানৰ ওপৰত আলোচনা হয় ৷
আৰু চাওক পৰৱৰ্তী বাতৰি