মুখ্যপৃষ্ঠা »খবৰ »দেশ »NSCN-Kত সামৰিক উত্থান! হেড কোৱাৰ্টাৰ এৰি পলাল অধ্যক্ষ ন্যামলাং, সেনাধ্যক্ষ নিকি আৰু সাধাৰণ সম্পাদক ষ্টাৰচন

NSCN-Kত সামৰিক উত্থান! হেড কোৱাৰ্টাৰ এৰি পলাল অধ্যক্ষ ন্যামলাং, সেনাধ্যক্ষ নিকি আৰু সাধাৰণ সম্পাদক ষ্টাৰচন

৩৭ দিনীয়া এখন নাটকৰ অৱসান ঘটিল ম্যানমাৰৰ গভীৰ জংঘলত

৩৭ দিনীয়া এখন নাটকৰ অৱসান ঘটিল ম্যানমাৰৰ গভীৰ জংঘলত

৩৭ দিনীয়া এখন নাটকৰ অৱসান ঘটিল ম্যানমাৰৰ গভীৰ জংঘলত

  • Share this:
৩৭ দিনীয়া এখন নাটকৰ অৱসান ঘটিল ম্যানমাৰৰ গভীৰ জংঘলত৷ য়ুং আঙ নেতৃত্বাধীন NSCN-Kত বিভাজন আনি নিজাকৈ এটা গোট গঠন কৰিছিল নিকি ছুমি আৰু ষ্টাৰছনে ৷ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল ন্যামলাং কন্যাকক ৷ সেয়া আছিল বিগত ২৮ জুলাইৰ ঘটনা ৷ কিন্তু পিছদিনা অৰ্থাৎ ২৯ জুলাইৰ দিনা য়ুং আঙ নেতৃত্বাধীন মূল NSCN-Kএ ন্যামলাং-নিকি-ষ্টাৰছনক সংগঠন বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত বহিস্কাৰ কৰে ৷ এই বহিস্কৃত গোটটোৰ হেড কোৱাৰ্টাৰ এতিয়া দখল কৰিলে য়ুং আঙ নেতৃত্বাধীন NSCN-Kএ ৷



বৃহস্পতিবাৰে বিয়লি ভাগৰে পৰা চলা এক অভিযানত ন্যামলাং গোটৰ হেড কোৱাৰ্টাৰ আৰু সকলো অধ্যুষিত অঞ্চল নিজ দখললৈ নিয়ে য়ুং আঙে ৷ ইমানেই নহয়, য়ুং আঙ গোটৰ সন্মুখত তিস্তিব নোৱাৰি অধ্যক্ষ ন্যামলাং কন্যাক, সাধাৰণতে সম্পাদক ষ্টাৰছন আৰু সেনাধ্যক্ষ নিকি ছুমিয়ে সৰ্তীথ পাঁচজনীয়া এটা দলৰ সৈতে পলায়ন কৰে ৷

যুদ্ধক্ষেত্ৰ এৰি অধ্যক্ষ, সাধাৰণ সম্পাদক আৰু খোম সেনাধ্যক্ষ নিকি ছুমিয়ে পলায়ন কৰাৰ লগে লগে গোটটোৰ সকলো নেতা-কেডাৰে যোগদান কৰে য়ুং আঙ গোটত ৷ ন্যামলাং গোটত থকা দ্বিতীয় আৰু তৃতীয় বিগ্ৰেডে এই ঘটনাৰ পূৰ্বে য়ুং আঙ গোটত যোগ দিয়াৰ সিদ্ধান্ত লৈছিল ৷

ম্যানমাৰৰ যুদ্ধক্ষেত্ৰ এৰি পলায়ন কৰা ন্যামলাং-নিকি-ষ্টাৰছনৰ বৰ্তমানৰ অৱস্থিতি জানিব পৰা হোৱা নাই ৷ লংৱাৰ এক সুত্ৰই সদৰি কৰা মতে পলাতক তিনি নেতাই খাংগু কন্যাক নেতৃত্বাধীন গোটত যোগ দিব ৷

শেহতীয়া বাতৰি