মুখ্যপৃষ্ঠা »খবৰ »দেশ »নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পূৰ্বে উত্তৰ–পূবৰ আইন–শৃংখলাৰ বুজ ল’লে NSA অজিত ডোভালে

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পূৰ্বে উত্তৰ–পূবৰ আইন–শৃংখলাৰ বুজ ল’লে NSA অজিত ডোভালে

সংসদৰ চলিত শীতকালীন অধিবেশনত গৃহীত কৰিবলৈ তালিকাভুক্ত কৰা বিধেয়কখনত কিছু সংশোধনী কৰা হৈছে। পূৰ্বতকৈ এই বিধেয়কখনত কিছু পৃথক বুলি সূত্ৰত প্ৰকাশ।

সংসদৰ চলিত শীতকালীন অধিবেশনত গৃহীত কৰিবলৈ তালিকাভুক্ত কৰা বিধেয়কখনত কিছু সংশোধনী কৰা হৈছে। পূৰ্বতকৈ এই বিধেয়কখনত কিছু পৃথক বুলি সূত্ৰত প্ৰকাশ।

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত উত্তৰ–পূবত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ বুজ ল’লে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে। সোমবাৰে নতুন দিল্লীত চোৰাংচোৱা সংস্থাসমূহৰ মুৰব্বী, আছাম ৰাইফলছ আৰু অন্য অৰ্ধ–সামৰিক বাহিনীৰ মুৰব্বীৰে এখন বৈঠকত মিলিত হয় ডোভাল।

বিধেয়কখনৰ বিৰোধিতা কৰা দল–সংগঠন সম্বন্ধে আৰু বিধেয়কখনক লৈ ৰাইজৰ প্ৰতিক্ৰিয়াৰ বিষয়ে পুংখানুপুংখকৈ বুজ লয় NSA গৰাকীয়ে।

আনহাতে সংসদৰ চলিত শীতকালীন অধিবেশনত গৃহীত কৰিবলৈ তালিকাভুক্ত কৰা বিধেয়কখনত কিছু সংশোধনী কৰা হৈছে। পূৰ্বতকৈ এই বিধেয়কখনত কিছু পৃথক বুলি সূত্ৰত প্ৰকাশ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

শেহতীয়া বাতৰি