মুখ্যপৃষ্ঠা »খবৰ »দেশ »NRCৰ চূড়ান্ত খচৰাৰ পৰা নাম কৰ্তনৰ নিৰ্দেশ সমন্বয়কৰ, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ জমিয়ত-উলেমা-ই-হিন্দ

NRCৰ চূড়ান্ত খচৰাৰ পৰা নাম কৰ্তনৰ নিৰ্দেশ সমন্বয়কৰ, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ জমিয়ত-উলেমা-ই-হিন্দ

হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ৰ নির্দেশত পৰিসমাপ্তি ঘটা এটা প্ৰক্ৰিয়াক অৱজ্ঞা কৰিব বিচাৰিছে বুলিও অভিযোগ কৰিছে জমিয়তে

  • Share this:
যোৱা অক্টোবৰৰ ১৩ তাৰিখে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই ২০১৯ চনৰ ৩১ আগষ্টত প্ৰকাশ পোৱা নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা কাৰণ দৰ্শাই কিছু লোকৰ নাম কৰ্তন কৰিবলৈ জিলা উপায়ুক্ত আৰু নাগৰিক পঞ্জীৰ জিলা পঞ্জীয়কক দিয়া নির্দেশক প্ৰত্যাহ্বান জনাই এতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে জমিয়ত-উলেমা-ই-হিন্দ। ২৫ অক্টোবৰ তাৰিখে এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি এই কথা সদৰি কৰে ধৰ্মীয় সংগঠনটোৱে ।

হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ৰ নির্দেশত পৰিসমাপ্তি ঘটা এটা প্ৰক্ৰিয়াক অৱজ্ঞা কৰিব বিচাৰিছে বুলিও অভিযোগ কৰিছে জমিয়তে। আনহাতে সংগঠনটোৰ মুৰব্বী মৌলানা অৰ্চদ মাদানীয়ে এই নির্দেশৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় – NRCৰ খচৰা প্ৰস্তুতিৰ সময়তো সাম্প্ৰদায়িক শক্তিয়ে পৰিস্থিতি জটিল কৰিব বিচাৰিছিল কিন্তু সফল নহ’ল; এতিয়া আকৌ এই নির্দেশৰ যোগেদি বিভেদ আনিব বিচাৰিছে ।

শেহতীয়া বাতৰি