• Home
  • »
  • News
  • »
  • nation
  • »
  • NRC: সমগ্ৰ দেশতে আৰম্ভ হ'ব নেকি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম? সদনত চৰকাৰৰ স্থিতি স্পষ্ট কৰিলে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীয়ে

NRC: সমগ্ৰ দেশতে আৰম্ভ হ'ব নেকি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম? সদনত চৰকাৰৰ স্থিতি স্পষ্ট কৰিলে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীয়ে

সমগ্ৰ দেশৰ বাবেই প্ৰযোজ্য হ'ব নেকি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী?

সমগ্ৰ দেশৰ বাবেই প্ৰযোজ্য হ'ব নেকি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী?

সমগ্ৰ দেশৰ বাবেই প্ৰযোজ্য হ'ব নেকি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী?

  • Share this:
সমগ্ৰ দেশৰ বাবেই প্ৰযোজ্য হ'ব নেকি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী? বুধবাৰে ৰাজ্যসভাৰ মজিয়াত এক লিখিত প্ৰশ্নৰ উত্তৰত NRC সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে । ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ সদস্য আব্দুল ৱাহাবৰ প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ সমগ্ৰ দেশত নাগৰিক পঞ্জী প্ৰস্তুতিৰ কোনো পৰিকল্পনা নাই বুলি স্পষ্ট কৰি দিয়ে।

উল্লেখযোগ্য যে, পূৰ্বেও দুবাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অনুৰূপ স্থিতি সদনক অৱগত কৰিছে।
ইয়াৰ বিপৰীতে কেৱল অসমত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম চলি আছে। সমগ্ৰ দেশৰ ভিতৰত কেৱল অসমতহে নাগৰিক পঞ্জী প্ৰস্তুত কৰা হৈছিল। উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ২০২০চনৰ মার্চ মাহত NRC গোচৰত শপতনামা দাখিল কৰি এনেদৰে কৈছিল – এখন সাৰ্বভৌম ৰাষ্ট্ৰত নাগৰিক আৰ অ-নাগৰিকক পৃথক কৰিবলৈ NRC প্ৰস্তুত এক প্ৰয়োজনীয় কাৰ্য ।

ডিটেনশ্যন কেম্প(Detention Centre:) নির্মাণৰ সিদ্ধান্ত ৰাজ্যৰ; কেন্দ্ৰই তেনে কোনো নির্দেশ প্ৰদান নকৰে ৰাজ্য চৰকাৰকঃ

দেশৰ ন্যায় ব্যৱস্থাই চিহ্নিত কৰা অবৈধ বিদেশীক বন্দী কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে প্ৰয়োজন সাপেক্ষে ডিটেনশ্যন কেন্দ্ৰ নিৰ্মাণ কৰে। কিন্তু এনে কার্যত জড়িত নহয় কেন্দ্ৰীয় চৰকাৰ। এই সন্দৰ্ভত ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰ দি বুধবাৰে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় – নাগৰিকত্ব আইন ১৯৫৫ত তেনে বন্দী গৃহ নির্মাণৰ কথা কোৱা হোৱা নাই । ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জীটো তেনে গৃহ নিৰ্মাণৰ কথা উল্লেখ নাই। ৰাজ্য চৰকাৰ সমূহে প্ৰয়োজন সাপেক্ষে তেনে বন্দী গৃহ নিৰ্মাণ কৰে।

উল্লেখযোগ্য যে, চিহ্নিত অবৈধ বিদেশীক বিতাড়ন নোহোৱা পৰ্যন্ত ডিটেনশ্যন  কেন্দ্ৰত ৰখাৰ উদ্দেশ্যে অসম চৰকাৰে গোৱালপাৰাৰ মটিয়াত ৪৫কোটি টকা ব্যয়ৰে ডিটেনশ্যন কেন্দ্ৰ নিৰ্মাণ কৰিছে । আনহাতে অসমৰ ৬ কেন্দ্ৰীয় কাৰাগাৰৰ এটা অংশ ডিটেনশ্যন কেন্দ্ৰলৈ ৰূপান্তৰ কৰা হৈছে। এই কেন্দ্র সমূহত বন্দী হৈ আছে বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা বিদেশী বুলি ঘোষিত লোক।
Published by:Himangshu Bhuyan
First published: