NRCৰ ভিত্তিবৰ্ষকলৈ ৰাজ্যত দল–সংগঠন তথা বিভিন্ন মহলত বিতৰ্কৰ সৃষ্টি হৈ আছে। ইয়াৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছে যে, সমগ্ৰ দেশজুৰি উন্নীতকৰণ হ’ব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। কিন্তু অমিত শ্বাহে ঘোষণা কৰা নাগৰিক পঞ্জীৰ ভিত্তিবৰ্ষ কি হ’ব? ১৯৫১ চন নে ১৯৭১ চন? এই সন্দৰ্ভত অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ ঘোষণা কৰা নাই কেন্দ্ৰীয় চৰকাৰ কিম্বা গৃহমন্ত্ৰী অমিত শ্বাহে।
১৯৫১ চনৰ ভিত্তিবৰ্ষকলৈ অসমত চৰ্চা চলি থকাৰ সময়তে প্ৰশ্ন উঠিছে NRC ৰ ভিত্তিবৰ্ষৰ নাথাকিব নেকি কোনো গুৰুত্ব? অমিত শ্বাহৰ ঘোষণাৰ পিছতে অসম চৰকাৰৰ হৈ জ্যেষ্ঠ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানৰ NRC খন খাৰিজ কৰি নতুনকৈ সমগ্ৰ দেশৰ সৈতে একেটা কাট অফ ডেটৰ NRC ৰ পোষকতা কৰিছিল। কিন্তু ইয়াৰ মাজতেই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ এক মন্তব্যই বহন কৰিছে বিশেষ তাৎপৰ্য। সংবাদমেলত বিপ্লৱ দেৱে কয়, ৰাষ্ট্ৰৰ হিতৰ বাবে NRC আৰু কেব দুয়োটাই প্ৰয়োজন। মোৰ দেউতাও বাংলাদেশৰ পৰা আহিছে, তেওঁৰ নাগৰিকত্ব আছে। তাৰ পিছত মোৰ জন্ম হৈছে ত্ৰিপুৰাত। যদি NRCৰ পৰা কোনো লোকচান হয় তেন্তে, সকলোতকৈ আগত মোৰ মুখ্যমন্ত্ৰিত্ব গুচি যাব। মই বুৰ্বক নেকি যে মুখ্যমন্ত্ৰীৰ পদ গুচি যাবৰ বাবে NRC কাৰ্যকৰী কৰিম?’
NRC আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা সমগ্ৰ ভাৰতবাসীৰ লাভ হ’৸ব বুলিও মন্তব্য কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অবৈধ অনুপ্ৰৱেশকাৰীসকলৰহে NRC আৰু CABৰ পৰা বিপদ হ’৸ব বুলিও কয় বিপ্লৱ দেৱে।
মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ পিছতে এতিয়া উত্থাপিত হৈছে বিভিন্ন প্ৰশ্নৰ। বিপ্লৱ দেৱৰ পিতৃয়ে ১৯৬৭ চনত ভাৰতত নাগৰিকত্ব লাভ কৰিছিল। পূৱ পাকিস্তানৰ বিভাজনৰ সময়ত শৰনাৰ্থী হিচাপে ভাৰতলৈ আহিছিল বিপ্লৱ দেৱৰ পিতৃ। বিপ্লৱ দেৱৰ জন্ম হৈছিল ১৯৭১ চনৰ ২৫ নবেম্বৰ তাৰিখে। সেই সূত্ৰে যদি NRC ৰ ভিত্তিবৰ্ষ বিভিন্নজনে দাবী কৰা অনুসৰি ১৯৫১ চন হয় তেন্তে বিদেশী নাগৰিকৰ তালিকাত পৰিব বিপ্লৱ দেৱ। প্ৰশ্ন হয়, ইমানৰ পিছতো অমিত শ্বাহে ঘোষণা কৰা NRC ক লৈ কিয় অভাৰ কনফিডেণ্ট বিপ্লৱ দেৱ?
ইতিমধ্যে অসমৰ NRC গুৰুত্বহীন বুলি মন্তব্য কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, দেশজুৰি এটাই ভিত্তি বৰ্ষ হওক NRCৰ। অসমৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ সলনি সমগ্ৰ দেশৰ সৈতে সামঞ্জস্য থকাকৈ ১৯৫১ চন কৰাৰ কাৰণে অসম সন্মিলিত মহাসংঘই তৰা গোচৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। ইয়াৰ মাজতে চৰকাৰে গৃহিত কৰিবলৈ গৈ আছে নাগৰিকত্ব সংশোধনী বিধেয়ক য’ত, ইছলাম ধৰ্মৰ বাহিৰে ছটা ধৰ্মৰ লোকক নাগৰিকত্ব প্ৰদানৰ পোষকতা কৰা হৈছে। সেইবাবেই বিপ্লৱ দেৱৰ আত্মবিশ্বাসে বিদেশী বিতাড়নৰ প্ৰক্ৰিয়াটোক এক বিশেষ বিতৰ্কৰ মাজলৈ ঠেলি দিছে। ভিত্তিহীন হ’ব নেকি বহু চৰ্চিত ভিত্তিবৰ্ষ?
Published by: Himangshu Bhuyan
FIRST PUBLISHED : November 26, 2019, 12:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।