মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»আজিৰ পৰা ভংগ নকৰিব ট্ৰেফিক আইন! ভৰিব লাগিব ৩০গুণ পৰ্যন্ত জৰিমনা

আজিৰ পৰা ভংগ নকৰিব ট্ৰেফিক আইন! ভৰিব লাগিব ৩০গুণ পৰ্যন্ত জৰিমনা

News18-Assam
Updated:September 24, 2019, 12:53 PM IST
আজিৰ পৰা ভংগ নকৰিব ট্ৰেফিক আইন! ভৰিব লাগিব ৩০গুণ পৰ্যন্ত জৰিমনা
Source-Google

আজিৰ পৰা সমগ্ৰ দেশতে বলৱৎ হৈছে নতুন ট্ৰেফিক আইন।

  • News18 Assam
  • Last Updated: September 24, 2019, 12:53 PM IST
  • Share this:
আজিৰ পৰা কাৰ, বাইক চলাওতে সাৱধান হওক। এতিয়াৰ পৰা ট্ৰেফিক আইন ভংগ কৰিলে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা।আজিৰ পৰা সমগ্ৰ দেশতে বলৱৎ হৈছে নতুন ট্ৰেফিক আইন। দু্ঘটনা প্ৰতিৰোধৰ লক্ষ্যৰে মোদী চৰকাৰে বলৱৎ কৰা নতুন যান বাহন আইনৰ জৰিয়তে কিছু কিছু ক্ষেত্ৰত ৫ গুণ, ১০ গুণ আৰু ৩০ গুণলৈকে আইন ভংগ কৰিলে জৰিমনা বিহাৰ ব্যৱস্থা ৰখা হৈছে।সেইদৰে ট্ৰেফিক আইন ভংগ কৰিলে লাইচেন্স জব্দ কৰাৰ পৰা জেইল পৰ্যন্ত হ’ব পাৰে চালকৰ।

নতুন আইন অনুসৰি

সুৰাপান কৰি গাড়ী চলালে ৬ মাহ জে’ল আৰু ১০ হাজাৰ টকা জৰিমনা। সেইদৰে আকৌ একেই ভুল পুনৰাবৃত্তি কৰিলে ২ বছৰ জে’ল আৰু ১৫০০০ টকাৰ জৰিমনা।

বিনা লাইচেন্সেৰে গাড়ী চলালে জৰিমনা ৫০০ টকাৰ ঠাইত ৫০০০ টকালৈ বৃদ্ধি কৰা হৈছে।

গাড়ী চলাওতে চিট বেল্ট পৰিধান নকৰিলে ১০০ ৰ ঠাইত ১০০০ টকা জৰিমনা।

নাবালক–নাবালিকাই গাড়ী চলালে ৫০০ ৰ ঠাইত ১০০০০ টকা জৰিমনা।

ৰাস্তাৰ নিয়ম ভংগ কৰিলে ৫০০ টকা জৰিমনা

বাইকত তিনিজন উঠালে ২০০০ টকা জৰিমনা আৰু তিনি বছৰৰ বাবে লাইচেন্স বাতিল।

বিনা ইঞ্চুৰেন্সৰে গাড়ী চলালে ২০০০ টকা জৰিমনা।

জৰুৰীকালীন গাড়ীক ৰাস্তা এৰি নিদিলে ১০০০ টকা জৰিমনা।

অভাৰ চাইজ বাহনৰ ক্ষেত্ৰত ৫০০০ টকা জৰিমানৰ ব্যৱস্থা।

তীব্ৰ বেগত বাহন চলালে ১০০০ টকা জৰিমনা।

বিপজ্জনক ড্ৰাইভিং কৰিলে ৫০০০ টকা জৰিমনা।

গাডী় চলোৱাৰ সময়ত ৰেচ লগালে ৫০০০ টকা জৰিমনা।

ৰাজহুৱা বাহনে অতিমাত্ৰা যাত্ৰী উঠালে প্ৰতিবাৰত ১০০০ টকাকৈ জৰিমনা।

এগ্ৰিগেটছৰ দ্বাৰা লাইচেন্সৰ চৰ্ত অমান্য কৰিলে ২৫ হাজাৰ টকা জৰিমনা।
First published: September 1, 2019, 3:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি