মুখ্যপৃষ্ঠা »খবৰ »দেশ »Narendra Modi : এতিয়া ১২ কোটিটকীয়া মাৰ্চিডিজ গাড়ীত দেখা যাব প্ৰধানমন্ত্ৰী মোদীক, গুলী–বোমাই একো ক্ষতি কৰিব নোৱাৰে এই বাহনৰ, আৰু কি কি সুবিধা থাকিব মোদীৰ গাড়ীত?

Narendra Modi : এতিয়া ১২ কোটিটকীয়া মাৰ্চিডিজ গাড়ীত দেখা যাব প্ৰধানমন্ত্ৰী মোদীক, গুলী–বোমাই একো ক্ষতি কৰিব নোৱাৰে এই বাহনৰ, আৰু কি কি সুবিধা থাকিব মোদীৰ গাড়ীত?

গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত মোদীয়ে বুলেটপ্ৰুফ মহিন্দ্ৰা স্কৰপিঅ’ত যাত্ৰী কৰিছিল। ২০১৪ত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ বিএমডব্লিউ ৭ ছিৰিজ হাই ছিকিউৰিটী এডিচনৰ ব্যৱহাৰ কৰিছিল।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক (Narendra Modi) এতিয়া মাৰ্চিডিজ মেবেক এছ 650 সুৰক্ষিত বাহনেৰে সজ্জিত কনভয়ত দেখা যাব। প্ৰধানমন্ত্ৰী মোদীক শেহতীয়াকৈ নতুন মেবেক 650ত প্ৰথমবাৰৰ বাবে হায়দৰাবাদত দেখা গৈছিল, যেতিয়া মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সাক্ষাৎ কৰিবলৈ গৈছিল। এই গাড়ীখন শেহতীয়াকৈ পুনৰ প্ৰধানমন্ত্ৰীৰ কনভয়ত দেখা গ’ল।

Mercedes-Maybach S650 Guard VR10 লেভেল প্ৰটেকশ্যনৰ সৈতে লেটেষ্ট ফেচলিফ্টেড মডেল – যিটো কোনো প্ৰডাকচনত দিয়া এতিয়ালৈকে আটাইতকৈ সুৰক্ষিত মডেল। ৰিপ’ৰ্ট অনুসৰি, মাৰ্চিডিজ মেবেকে বিগত বৰ্ষত ভাৰতত S600 গাৰ্ডক ১০.৫ কোটিত মুকলি কৰিছিল আৰু S650ৰ দাম ১২ কোটিৰ অধিক হ’ব।

Mercedes-Maybach S650 Guard 6.0 লিটাৰ টুইন টাৰ্ব’ V12 ইঞ্জিনৰ দ্বাৰা পৰিচালিত যিয়ে 516bhp আৰু প্ৰায় 900Nmৰ পিক টাৰ্ক উৎপাদন কৰে। ইয়াৰ সৰ্বাধিক গতি ১৬০ কিলোমিটাৰ প্ৰতিঘণ্টাত।

S650গাৰ্ড বডী আৰু খিৰিকী কঠোৰ ষ্টীলে গুলীক বাধা দিব পাৰে। ই ব্লাষ্ট প্ৰুফ বাহন (ইআৰভি)ৰ ৰেটিং লাভ কৰিছে। এই গাড়ীত থকা ব্যক্তি ২ মিটাৰ দূৰত হোৱা ১৫ কিলো টিএনটি বিস্ফোৰণতো সুৰক্ষিত হৈ থাকিব পাৰিব। খিৰিকীৰ ইণ্টেৰিয়ৰৰ ওপৰত পলী কাৰ্ব’নেটৰ লেপন দিয়া হৈছে। গাড়ীখনৰ তলৰ অংশ যিকোনো বিস্ফোৰণৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম।

Mercedes-Maybach S650 Guardৰ তেলৰ টেংকীত এক বিশেষ সামগ্ৰীৰ ব্যৱহাৰ কৰা হৈছে, যিয়ে গৰমৰ বাবে হ’ব পৰা ছিদ্ৰ ছীল কৰি দিয়ে। এয়া সেই সামগ্ৰীৰে বনোৱা হৈছে যাৰ ব্যৱহাৰ বইঙে নিজৰ AH-64 আপাচে টেংক এটেক হেলিকপ্টাৰৰ বাবে কৰে। এই গাড়ীখন বিশেষ ৰান–ফ্লেট টায়াৰৰ ওপৰত চলে যিয়ে ক্ষতিগ্ৰস্ত হোৱা টায়াৰক সমান কৰি দিয়ে।গাড়ীখনত ছীট মাছাজাৰৰ লগতে সুন্দৰ ইণ্টেৰিয়ৰ আছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি