বিগত মাৰ্চ মাহৰ পৰা কোৰোণাৰ বাবে সমগ্ৰ দেশতে বন্ধ হৈ আছে ৰে’ল সেৱা৷ লাহে লাহে দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছে বিশেষ ৰে’ল সেৱাৰ৷ তাৰ মাজতে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰণালয়ে ১ জুনৰ পৰা দেশত পুনৰ আৰম্ভ কৰিব প্ৰায় ২০০খন ৰে’লৰ চলাচল৷ অসমতো ১ জুনৰ পৰা চলাচল কৰিব ৩খন ৰে’ল৷ দিল্লী–ডিব্ৰুগড় বহ্মপুত্ৰ মেইল, মুম্বাই–গুৱাহাটী লোকমান্য তিলক এক্সপ্ৰেছ আৰু গুৱাহাটী যোৰহাট শতাব্দী এক্সপ্ৰেছৰ চলাচল আৰম্ভ হ’ব৷
বৰ্তমান দেশৰ বিবিন্ন প্ৰান্তলৈ শ্ৰমিকসকলৰ বাবে চলি আছে বিশেষ ৰে’ল সেৱা৷ যাৰ বাবে টিকট অনলাইনযোগে সংগ্ৰহ কৰিব লাগিছিল। কিন্তু ১ জুনৰ পৰা চলাচল কৰিব লগা ৰে’ল সেৱাৰ বাবে যাত্ৰীয়ে আজিৰ পৰা অনলাইনৰ লগতে ৰে’ল ষ্টেচনৰ পৰা সংগ্ৰহ কৰিব পাৰিব টিকট৷ বৃহস্পতিবাৰৰ পুৱাৰ পৰা আৰম্ভ হ’ল টিকট ৰিজাৰ্ভেচন৷
টিকটৰ ৰিজাৰ্ভেচন ব্যৱস্থাক লৈ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে এন এফ ৰে’লৱেই বৰ্তমান সময়ত ৬খন ৰে’ল চলাচল কৰাব৷ ইয়াৰে তিনিখন ১ জুনৰ পৰা আৰম্ভ হ’ব আৰু বাকীকেইখন বৰ্তমান চলি আছে ৰাজ্যৰ বাহিৰৰ পৰা অসম, উত্তৰ–পূবৰ বিভিন্ন ৰাজ্যলৈ৷
আনহাতে, লকডাউনৰ বাবে বিগত দুমাহ ধৰি বন্ধ হৈ থকা ৰে’লসেৱা পৰ্যায়ক্ৰমে আৰম্ভ কৰাৰ লগতে লকডাউনৰ বাবে যিসকল লোকে টিকট কাটি নিজ নিজ গন্তব্যস্থানলৈ যাব পৰা নাছিল সেইসকল যাত্ৰীৰ টিকটৰ মূল্য ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছে ৰে’ল বিভাগে৷ ২৫ মে’ৰ পৰা ৰে’ল ষ্টেচনৰ টিকট কাউণ্টাৰৰ পৰা টিকট দেখুৱাই ঘূৰাই ল’ব পাৰিব টিকটৰ মূল্য৷
এতিয়াৰ পৰা সকলোৱে IRCTC, অনলাইন, ট্ৰেভেল এজেন্ট বা ৰেল ষ্টেচন সমূহত গৈ কাটিব পাৰিব নিজ নিজ গন্তব্যস্থানলৈ টিকট ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|