নাগালেণ্ডৰ customary lawত পৰিৱৰ্তন অনাৰ পোষকতা ৰাজ্যপাল আৰ এন ৰবিৰ

Customary Law ত পৰিৱৰ্তন অনাৰ যুক্তি দি ৰবিয়ে ক’লে চীন দেশত মাও ছে তুঙৰ ১৫ বছৰ আতিথ্য গ্ৰহণ কৰা জ্যেষ্ঠ নগা বিদ্ৰোহীৰ কথা

News18-Assam
Updated:September 19, 2019, 6:52 AM IST
নাগালেণ্ডৰ customary lawত পৰিৱৰ্তন অনাৰ পোষকতা ৰাজ্যপাল আৰ এন ৰবিৰ
Customary Law ত পৰিৱৰ্তন অনাৰ যুক্তি দি ৰবিয়ে ক’লে চীন দেশত মাও ছে তুঙৰ ১৫ বছৰ আতিথ্য গ্ৰহণ কৰা জ্যেষ্ঠ নগা বিদ্ৰোহীৰ কথা
News18-Assam
Updated: September 19, 2019, 6:52 AM IST
পাৰ্থ জ্যোতি বৰাঃ আলোচনা পন্থী নগা বিদ্ৰোহীয়ে পৃথক সাৰ্বভৌম পৰিচয়ৰে নগা চুক্তি বিচৰা থকাৰ সময়তে নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে পোষকতা কৰিছে ৰাজ্য খনত প্ৰচলিত customary law ৰ পৰিৱৰ্তনৰ । নতুন দিল্লীৰ এক গ্ৰন্থ উন্মোচন অনুষ্ঠানত আজি উপস্থিত থাকি ৰবিয়ে নিজৰ ভাষণত পোষকতা কৰে নাগালেণ্ডৰ সংবিধানিক ভাৱে প্ৰচলিত customary law ৰ পৰিৱৰ্তনৰ । ১৯৬৬ চনত উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে নাগালেণ্ডৰ Customary Law ৰ ৰাজ্য খনত প্ৰাধান্য প্ৰদান কৰাৰ দিশত ৰায়দান কৰিছিল।

কিন্তু ১৯৬৬ চনৰ নাগালেণ্ডৰ আৰু আজিৰ নাগালেণ্ডৰ আকাশ পাতল পাৰ্থক্য; আজি প্ৰতিটো স্তৰতে নাগা সকল আৰু নগা ৰাজ্য আগবঢ়া; গতিকে সময়ৰ লগত সংগতি customary law সমূহত পৰিবৰ্তন আনিব লাগে বুলি নিজ ভাষণত মন্তব্য কৰে ৰাজ্যপাল গৰাকীয়ে ।

Customary Law ৰ পৰিৱৰ্তনৰ দিশে মত পোষণ কৰি চীন দেশৰ মাও চে তুঙৰ ১৫ বছৰ আতিথ্য গ্ৰহণ কৰা নাগালেণ্ডৰ এজন জ্যেষ্ঠ বিদ্ৰোহী নেতাৰ বিষয়েও উল্লেখ কৰে ৰবিয়ে।

নাগালেণ্ডলৈ ঘূৰি অহাৰ পাছত তেওঁৰ গাঁওৰ গাওঁবুঢ়াই চীন দেশ কিমান ডাঙৰ সেই প্ৰশ্ন সুধিছিল। বিদ্ৰোহী জনে উত্তৰ দিছিল বহুত ডাঙৰ । গাওঁবুঢ়াই তেতিয়া ওলোটাই প্ৰশ্ন কৰিছিল আমাৰ গাওঁত কৈও ডাঙৰ নে ?

আজি কিন্তু নগা সকল তেনে অজ্ঞ নহয়; সকলো দিশতে আগবাঢ়িছে নগা সকল; গতিকে customary law পৰিৱৰ্তন খুবেই প্ৰয়োজন বুলি অভিহিত কৰে ৰবিয়ে। Customary law ই মহিলাৰ সামাজিক অধিকাৰো সুনিশ্চিত নকৰে বুলি মন্তব্য কৰে ৰবিয়ে ।
আৰু চাওক পৰৱৰ্তী বাতৰি