• Home
  • »
  • News
  • »
  • nation
  • »
  • এতিয়াৰে পৰা মন গ’লেই খুলিব নোৱাৰিব নিউজ প’ৰ্টেল–ৱেবছাইট! কাৰণ...

এতিয়াৰে পৰা মন গ’লেই খুলিব নোৱাৰিব নিউজ প’ৰ্টেল–ৱেবছাইট! কাৰণ...

কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত চলি থকা এটা গোচৰত শপতনামা দাখিল কৰি অনলাইন মঞ্চসমূহ নিয়ন্ত্ৰণ কৰাৰ পোষকতা কৰিছিল।

কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত চলি থকা এটা গোচৰত শপতনামা দাখিল কৰি অনলাইন মঞ্চসমূহ নিয়ন্ত্ৰণ কৰাৰ পোষকতা কৰিছিল।

কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত চলি থকা এটা গোচৰত শপতনামা দাখিল কৰি অনলাইন মঞ্চসমূহ নিয়ন্ত্ৰণ কৰাৰ পোষকতা কৰিছিল।

  • Share this:
এতিয়া পৰা মন গ’লেই খুলিব নোৱাৰিব নিউজ ৱেবচাইট! কাৰণ কেন্দ্ৰীয় চৰকাৰে এতিয়াৰ পৰা নিয়ন্ত্ৰণ কৰিব বাতৰি যোগান ধৰা ৱেব পৰ্টেলসমূহ। মনোৰঞ্জনধৰ্মী অনলাইন মঞ্চসমূহো নিয়ন্ত্ৰণ কৰিব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সংবিধানৰ অনুচ্ছেদ ৭৭ৰে প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি Government of India (Allocation of Business) Rules 1961ৰ দ্বিতীয় অনুসূচীত অন্তৰ্ভুক্ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ বিধি সমূহৰ সংশোধনী ঘটাই এই নিয়ম প্ৰণয়ন কৰিছে। কেবিনেট সচিবালয়ে এখন ৰাজপত্ৰিত জাননীৰ যোগেদি ইতিমধ্যে এই কথা ঘোষণা কৰিছে।

কেনেকৈ নিয়ন্ত্ৰণ কৰা হ’ব ৱেব পৰ্টেল সমূহ?

ভাৰতৰ ৰাষ্ট্ৰপতিৰ এই নির্দেশৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ডিজিটেল নিউজ প্ৰদান আৰু মনোৰঞ্জনধৰ্মী অনুষ্ঠান অনলাইনযোগে সম্প্ৰচাৰ কৰা প্ৰতিষ্ঠানসমূহৰ কাৰণে বিধি প্ৰস্তুত কৰিবলৈ অগ্ৰসৰ হ’ব পাৰিব। প্ৰতিষ্ঠানসমূহৰ নিজা নিয়ন্ত্ৰণ যন্ত্ৰক অনুমোদন প্ৰদান কৰি নতুবা সংসদত আইন প্ৰণয়ন কৰি চৰকাৰে এই কাম সমাধা কৰিব।

এতিয়ালৈকে এই প্ৰতিষ্ঠানসমূহে ফলপ্ৰসূ নিজা নিয়ন্ত্ৰণ যন্ত্ৰ (Self Control Mechanism) উদ্ভৱ কৰিব পৰা নাই। অন্যহাতেদি সামগ্ৰিকভাৱে ইণ্টাৰনেটত উপলব্ধ বিষয়সমূহত বাদানুবাদৰ সৃষ্টি হ’লে  IT Act আৰু ভাৰতীয় দণ্ডবিধি আইনৰ দফাৰে পৰিচালিত হৈ আছিল। কিন্তু নিউজ পৰ্টেল আৰু মনোৰঞ্জনধৰ্মী মঞ্চসমূহৰ (OTT Platform)  বিষয়বস্তুসমূহ নিয়ন্ত্ৰণ তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে (IT Ministry) কৰিব নে তথ্য সম্প্ৰচাৰ মন্ত্ৰণালয়ে (Information and Broadcasting Ministry) কৰিব এই সন্দৰ্ভত অস্পষ্টতা আছিল। কিন্তু ৰাষ্ট্ৰপতিৰ এই নির্দেশৰ পিছত এই নিয়ন্ত্ৰণৰ কৰ্তৃত্ব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ক প্ৰদান কৰা হৈছে।

পৰম্পৰাগত গণ মাধ্যমসমূহ বিভিন্ন চৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত হয়। উদাহৰণ স্বৰূপে চলচিত্ৰসমূহৰ বিষয়বস্তুৰ চূড়ান্ত অনুমোদন প্ৰদান কৰে Central Board of Film Certification-এ, নিউজ চেনেলৰ কাৰণে আছে Independent Broadcasting Content Complaints Council আৰু Cable TV Act; সমান্তৰালকৈ বাতৰি কাকতৰ কাৰণে আছে Press and Registration of Books (PRB) Act।

অনলাইন বাতৰি তথা মনোৰঞ্জনধৰ্মী অনুষ্ঠান প্ৰদান কৰা মঞ্চসমূহ নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ এতিয়া অগ্ৰসৰ হৈছে। ইয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে PRB Act 2019 গৃহীত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। পুৰণি PRB Actখন সংশোধনী হোৱাৰ পিছত অনলাইন প্ৰতিষ্ঠানসমূহে চলোৱা পৰ্টেলসমূহ বাতৰি কাকত সদৃশ নিয়ন্ত্ৰণ কৰিব পাৰিব চৰকাৰে। সম্পাদক নতুবা মুখ্য সম্পদক ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক হ’ব। লগতে আইনবৰ্হিভূত বিষয়বস্তু প্ৰকাশ কৰিলে শাস্তিৰ ম্যাদ বাঢ়িব। আনহাতে, নিউজ পৰ্টেলসমূহত নতুন FDI নিয়ম অনুসৰি মাত্ৰ ২৬ শতাংশ বিদেশী বিনিয়োগ লাভ কৰিব পাৰিব।

টিভিৰ বিষয়বস্তু Cable Television Network Regulation Act 1995-এ নিৰ্ধাৰিত কৰা নির্দিষ্ট বিধি অনুসৰি পৰিচালিত হয়। ইয়াৰ যোগেদি টিভি চেনেল সমূহে “কি  দেখুৱাব নোৱাৰে” (Don’ts) সেইয়া নিৰ্ধাৰিত কৰি থোৱা আছে। Electronic Media Monitoring Centre-এ ২৪ ঘণ্টা দেশৰ সমগ্ৰ টিভি চেনেলসমূহ পৰ্যবেক্ষণ কৰি থাকে আৰু নিয়ম ভংগ কৰিলে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ক প্ৰতিবেদন দাখিল কৰে। মন্ত্ৰণালয়ে তাৰ পিছত চেনেল কৰ্তৃপক্ষৰ পৰা উত্তৰ তলব কৰে। আৰু মন্ত্ৰণালয়ে সন্তোষজনক উত্তৰ নাপালে চেনেলক শাস্তি প্ৰদান কৰে। এই শাস্তি এদিনৰ কাৰণে চেনেল বন্ধ কৰাৰ পৰা অনুজ্ঞাপত্ৰ পত্ৰ কৰ্তন কৰা পর্যন্ত হ’ব পাৰে। ৰাষ্ট্ৰপতিৰ নির্দেশৰ পিছত মন্ত্ৰণালয়ে অনলাইন মঞ্চসমূহতো এই নিয়ম প্ৰযোজ্য কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত চলি থকা এটা গোচৰত শপতনামা দাখিল কৰি অনলাইন মঞ্চসমূহ নিয়ন্ত্ৰণ কৰাৰ পোষকতা কৰিছিল। মনোৰঞ্জনধৰ্মী অনলাইন মঞ্চসমূহে পূৰ্বতে নিজা নিয়ন্ত্ৰণ যন্ত্ৰ প্ৰস্তুত কৰিছিল, কিন্তু মন্ত্ৰণালয়ে অনুমোদন প্ৰদান নকৰিলে।
Published by:Sanjay Kumar Das
First published: