চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ উপহাৰ কেন্দ্ৰীয় চৰকাৰৰ, লওক এই সুবিধা

News18 Assam | News18-Assam
Updated:June 18, 2020, 10:01 PM IST
চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ উপহাৰ কেন্দ্ৰীয় চৰকাৰৰ, লওক এই সুবিধা
Source-Google

‘New Pension System’ৰ অধীনত ২৮ অক্টোবৰ, ২০০৯ চন লৈকে নিযুক্তি লাভ কৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বা কেন্দ্ৰীয় স্বতন্ত্ৰ সংস্থাৰ কৰ্মচাৰীয়ে পুৰণি পেন্সন স্কীমৰ লাভ লব পাৰিব। ইয়াৰ বাবে তেওঁলোকে ১১ চেপ্তেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব।

  • Share this:
কেন্দ্ৰীয় চৰকাৰে নিজৰ কৰ্মচাৰীক ৰাষ্ট্ৰীয় পেন্সন চিষ্টেমৰ পৰিৱৰ্তে পুৰণি পেন্সন স্কীমৰ লাভ লোৱাৰো সুবিধা কৰি দিলে। ১ জানুৱাৰী ২০০৪ৰ পৰা ২৮ অক্টোবৰ ২০০৯ৰ মাজৰ কেন্দ্ৰীয় চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ স্বতন্ত্ৰ সংস্থাত নতুন পেন্সন চিষ্টেমৰ অধীনত নিযুক্ত হোৱা কৰ্মচাৰীয়ে পুৰণি পেন্সন স্কীমৰ লাভো ল’ব পাৰিব। চেণ্ট্ৰেল চিভিল চাৰ্ভিচ ৰোলচ্, ১৯৭২ ৰ অধীনত এই বিকল্প ব্যৱস্থা ৰখা হৈছে।

কোন সকলক কৰ্মচাৰীয়ে পাব এই সুবিধা?

ইয়াৰ লাভ সেইসকল কৰ্মচাৰীয়ে ল’ব পাৰিব, যিসকলে কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় স্বতন্ত্ৰ সংস্থা, ৰাজ্য চৰকাৰ, ৰাজ্য চৰকাৰৰ স্বতন্ত্ৰ সংস্থাৰ পৰা পদত্যাগ কৰাৰ পিছত আকৌ কেন্দ্ৰীয় চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ স্বতন্ত্ৰ সংস্থাত ১ জানুৱাৰী ২০০৪ ৰ পৰা ২৮ অক্টোবৰ ২০০৯ৰ ভিতৰত নিযুক্ত হয়।

ডিপাৰ্টমেণ্ট অৱ পেন্সন এণ্ড পেন্সনাৰ্চৰ নিয়ম অনুসৰি কৰ্মচাৰীসকলে পৰণি পেন্সন স্কীমৰ সুবিধা লাভ কৰিবলৈ ১১ চেপ্তেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব।
First published: June 18, 2020, 9:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি