কথাত কটা যায়, কথাত বঁটা পায় ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ক্ষেত্ৰতো এনে হ'ল ৷ অকল ৰাহুল গান্ধীয়েই নে? নিজৰ কথা আৰু কামৰ বাবে ৰাহুল গান্ধীক বাদ দি ১০জনকৈ জনপ্ৰতিনিধিৰ খাৰিজ হৈছিল সাংসদ আৰু বিধায়কৰ পদ ৷ দেশত ১১জনকৈ জনপ্ৰতিনিধিৰ খাৰিজ হৈছে পদ ৷
কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাক লৈ দেশত এতিয়া ব্যাপক চৰ্চা ৷ অকল ৰাহুল গান্ধীৰ ক্ষেত্ৰতে যে এনে হৈছে এয়া সত্য নহয় ৷ বিভিন্ন কাৰণত একে নীতি-নিয়মৰ ভিত্তিত দেশৰ ১১জনকৈ জনপ্ৰতিনিধিৰ সাংসদ বা বিধায়ক পদ খাৰিজ হোৱাৰ উদাহৰণ এইখন দেশত আছে ৷ ২০১৩ত লালু প্ৰসাদ যাদৱৰ পশুখাদ্য কেলেংকাৰীত, ২০১৪ত অসমতা পূৰ্ণ সম্পত্তিৰ গোচৰত, ২০২০ত ধৰ্ষণৰ গোচৰত ইউ পিৰ কুলদীপ সিং সেঙ্গাৰৰ, ২০২১ত হাৰিয়ানাৰ প্ৰদীপ চৌধুৰীৰ নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত হোৱাত খাৰিজ হৈছিল পদ ৷ ২০২২ত চাৰিজনকৈ জনপ্ৰতিনিধিৰ পদ খাৰিজ হৈছিল ৷ বিজেপিৰ বিক্ৰম সিং সৈনীৰ হিংসাত্মক ঘটনাৰ বাবে, RJDৰ অনন্ত সিঙৰ অস্ত্ৰৰ গোচৰত, প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত হোৱা RJDৰ অনিল কুমাৰ সাহানী আৰু সমাজবাদী পাৰ্টিৰ আজম খান দোষী সাব্যস্ত হৈছিল ঘৃণা বিয়পোৱা বক্তব্যৰ বাবে ৷ চলিত বছৰত NCPৰ পি পি মহম্মদ ফাইজল হত্যাৰ চেষ্টাৰ গোচৰত, সমাজবাদী পাৰ্টিৰ আব্দুল্লা আজম খানৰ চি আৰ পি এফ কেম্পত আক্ৰমণৰ গোচৰত দোষী সাব্যস্ত হোৱাত খাৰিজ হৈছিল পদ ৷
এইবাৰ ৰাহুল গান্ধীৰ ৷ বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটাই সংবাদ মেলত বাৰম্বাৰ ক'লে এই বিষয়টো ৷ "কংগ্ৰেছে প্ৰতিবাদ কাৰ বিৰুদ্ধে কৰিছে? বিজেপিৰ বিৰুদ্ধে? কংগ্ৰেছে নাজানে নেকি যে, এই ঘটনা ৰাহুল গান্ধীৰ ক্ষেত্ৰতে হোৱা নাই! ৰাহুল গান্ধী ১১নম্বৰতহে ৷ দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস নাই নেকি কংগ্ৰেছৰ? এই ১১জনত বিজেপিৰো আছে ৷"ক'লে পবিত্ৰ মাৰ্ঘেৰিটাই। লক্ষণীয়ভাৱে কথাত কটা যোৱা সকলৰ ভিতৰত আছে সমাজবাদী পাৰ্টিৰ আজম খান আৰু ৰাহুল গান্ধীহে ৷
Published by: Kokil Sarma
FIRST PUBLISHED : March 25, 2023, 22:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।