• Home
  • »
  • News
  • »
  • nation
  • »
  • ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে কেৱল ভাৰত বা হিন্দুস্তান হ’ব নেকি দেশৰ নাম? ২ জুনত উচ্চতম ন্যায়ালয়ে ল’ব শুনানি

‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে কেৱল ভাৰত বা হিন্দুস্তান হ’ব নেকি দেশৰ নাম? ২ জুনত উচ্চতম ন্যায়ালয়ে ল’ব শুনানি

দিল্লীৰ এজন ব্যক্তি কাষ চাপিল উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ এজন ব্যক্তি কাষ চাপিল উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ এজন ব্যক্তি কাষ চাপিল উচ্চতম ন্যায়ালয়ৰ

  • Share this:
‘ইণ্ডিয়া’ৰ সলনি ভাৰত বা হিন্দুস্তান নামটোৰ সাংবিধানিক স্বীকৃতিয়ে ভৱিষ্যত প্ৰজন্মৰ ভাৰতীয়ত্বৰ ধাৰণা সুদৃঢ় কৰিব। এই যুক্তিকে সৰোগত কৰি দিল্লীৰ এজন ব্যক্তি কাষ চাপিল উচ্চতম ন্যায়ালয়ৰ। এখন লেখ আবেদনৰ যোগেদি উচ্চতম ন্যায়ালয় পৰা বিচাৰিলে কেন্দ্ৰীয় চৰকাৰলৈ এক বিশেষ নিৰ্দেশ।

‘সংবিধানৰ ১ নং অনুচ্ছেদৰ সংশোধন ঘটাই ‘ইণ্ডিয়া’ শব্দটোৰ পৰিবৰ্তে ভাৰত বা হিন্দুস্তান সংযোজন কৰক।’ আবেদনকাৰীৰ মতে তেনে কৰিলে নাগৰিক সকলে পূৰ্বৰ পৰাধীন দেশৰ বাসিন্দা হোৱাৰ মানসিক বোজা কঢ়িয়াই লৈ ফুৰাৰ পৰা মুক্তি পাব।

অহা জুনৰ ২ত দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেৰে গঠিত এখন তিনিজনীয়া বিচাৰপীঠে এই বিশেষ আবেদনৰ শুনানি গ্ৰহণ কৰিব। আবেদনকাৰীৰ মতে, তেনে কৰিলে আমাৰ পূৰ্ব পুৰুষে দেশ খন স্বাধীন কৰাৰ দিশত কৰা ত্যাগৰ উচিত মূল্য দিয়া হ’ব ।

উল্লেখযোগ্য যে ১৯৪৮ চনত সংবিধান প্ৰণেতা সকলে খচৰা প্ৰস্তুত কৰাৰ সময়ত বহা আলোচনা সমূহত (Constituent Assembly Debate) ‘ইণ্ডিয়া’ৰ ঠাইত ভাৰত বা হিন্দুস্তান নামটো সন্নিবিষ্ট কৰাৰ তীব্ৰ জোৱাৰ উঠিছিল । সংবিধানৰ ১ নং অনুচ্ছেদত যুক্তৰাজ্যৰ নাম আৰু ৰাজ্য সমূহৰ কথা উল্লেখ আছে। এই অনুচ্ছেদত অৱশ্যে স্পষ্টকৈ লিখা আছে ইণ্ডিয়া অৰ্থাৎ ভাৰত ৰাজ্যৰ সমষ্টি হ’ব (India, that is Bharat shall be Union of States) l আগতেও উচ্চতম ন্যায়ালয়ত এনে ধৰণৰ আবেদন দাখিল হৈছিল। তেতিয়া কেন্দ্ৰীয় চৰকাৰে তেনে পদক্ষেপৰ কোনো প্ৰয়োজন নাই বুলি উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছিল।
First published: