• Home
  • »
  • News
  • »
  • nation
  • »
  • Petrol-Diesel Price: দাম কমিব নেকি পেট্ৰ'ল-ডিজেলৰ, প্ৰধানমন্ত্ৰীৰ কি আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰীসকললৈ?

Petrol-Diesel Price: দাম কমিব নেকি পেট্ৰ'ল-ডিজেলৰ, প্ৰধানমন্ত্ৰীৰ কি আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰীসকললৈ?

Narendra Modi: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ স্বাৰ্থত আৰু ৰাইজৰ উপকাৰৰ বাবে ৰাজ্য চৰকাৰসমূহে মূল্য সংযোজিত কৰ হ্ৰাস কৰিব লাগে। যিটো আগতেই কৰিব লাগিছিল সেইটো কৰা নহ'ল, কিন্তু এতিয়া সহযোগ কৰা উচিত।

  • Share this:
পেট্ৰ'ল-ডিজেল (Petrol-Diesel)ৰ মূল্যবৃদ্ধিয়ে সমগ্ৰ দেশবাসীক জুৰুলা কৰি তুলিছে। ইন্ধনৰ দাম বৃদ্ধিৰ লগে লগে খাদ্য-সামগ্ৰী, বস্তু-বেহানিৰো দাম বাঢ়িছে। এনে সময়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে বুধবাৰে কৰা এক মন্তব্যই পেট্ৰ'ল-ডিজেলৰ দাম কিছু হলেও কমাৰ আশা উজলাই তুলিছে। বুধবাৰে মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভাৰ্চুৱেল বৈঠকত মোদীয়ে মুখ্যমন্ত্ৰীসকলক পেট্ৰ'ল-ডিজেলৰ ওপৰত ৰাজ্য চৰকাৰসমূহে আৰোপ কৰা VAT হ্ৰাস কৰাৰ বাবে আবেদন জনায়।

মোদীয়ে কয়, "কেন্দ্ৰীয় চৰকাৰে যেতিয়া ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিছিল তেতিয়া কেইবাখনো ৰাজ্যৰ চৰাকৰেও কৰ হ্ৰাস কৰিছিল, কিন্তু ইয়াৰ বিপৰীতে আন কেইবাখনো ৰাজ্যই কৰ হ্ৰাস কৰা নাছিল, যাৰ ফলত ৰাজ্যসমূহৰ জনতাৰ জীৱনধাৰণত প্ৰভাৱ পৰিছে। মই কোনো ৰাজ্যক সমালোচনা কৰা নাই, কিন্তু মহাৰাষ্ট্ৰ, পশ্চিমবংগ, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, কেৰালা, ঝাৰখণ্ড, তামিল নাডুক VAT হ্ৰাস কৰি ৰাইজক সকাহ দিবলৈ আহ্বান জনাইছোঁ।"

মোদীয়ে কয় যে দেশৰ স্বাৰ্থত আৰু ৰাইজৰ উপকাৰৰ বাবে ৰাজ্য চৰকাৰসমূহে মূল্য সংযোজিত কৰ হ্ৰাস কৰিব লাগে। যিটো আগতেই কৰিব লাগিছিল সেইটো কৰা নহ'ল, কিন্তু এতিয়া সহযোগ কৰা উচিত।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি