এই ধনেৰে নতুন ৰূপ দিয়া হ’ব কেন্দ্ৰীয় চৰকাৰৰ পৰিচালিত প্ৰতিষ্ঠান North Eastern Regional Agricultural Marketing Corporation (NERAMAC)ক।
এই ধনেৰে নতুন ৰূপ দিয়া হ’ব কেন্দ্ৰীয় চৰকাৰৰ পৰিচালিত প্ৰতিষ্ঠান North Eastern Regional Agricultural Marketing Corporation (NERAMAC)ক।
অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে আজি কেন্দ্ৰীয় উত্তৰ পূব উন্নয়ন মন্ত্ৰণালয় অধীনৰ প্ৰতিষ্ঠান North Eastern Regional Agricultural Marketing Corporation Limitedক নতুন ৰূপত প্ৰতিষ্ঠা কৰিবলৈ ৭৭.৪৫কোটি টকাৰ অনুমোদন জনায় । কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে বৈঠকৰ অন্তত কয় – প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীৰ বৈঠকত NERMACৰ কাৰণে ৭৭.৪৫কোটি ধার্য কৰা হৈছে ।
এই পুনৰ্জীৱন অনুদানৰ যোগেদি বিভিন্ন উদ্ভাৱনী প্রকল্পৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিছে ঠাকুৰে । এই প্ৰকল্প সমূহে উত্তৰ পূৱৰ কৃষিজাত সামগ্ৰীক বিশ্ব বজাৰত বিক্ৰী কৰিবলৈ বিভিন্ন ধৰণৰ আন্তঃগাঠনি মূলক আৰু প্ৰশাসনিক সমৰ্থন আগবঢ়াব । ইয়াৰ লগতে অৰ্গেনিক বীজ উৎপাদন, সাৰৰ উচিত ব্যৱহাৰ আদিৰ দিশত কৃষক সকলক প্ৰশিক্ষণ প্ৰদান কৰিব ।
কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত এই অনুদানৰ যোগেদি উত্তৰ পূৰ্বাঞ্চলৰ কৃষকৰ উচিত পাৰিতোষিক মূল্যও সুনিশ্চিত কৰা হ’ব । আনহাতে এই অনুদানৰে উত্তৰ পূৱৰ অৰ্গেনিক সামগ্ৰীৰ GI (Geographical Indicator) পঞ্জীয়ণত অগ্ৰাধিকাৰ দিয়া হ’ব । এনেধৰণৰ পদক্ষেপৰে NERMAC নিজৰ ৰাজহ বৃদ্ধি আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ ওপৰত কম নিৰ্ভৰশীল হোৱাৰ দিশত অগ্ৰসৰ হ’ব বুলি উল্লেখ প্ৰেছ বিজ্ঞপ্তিত ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|