মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»অসম তথা উত্তৰ-পূৱলৈ ভাবুকি কঢ়িয়াইছে কেন্দ্ৰীয় চৰকাৰৰ এখন নতুন সংশোধনী বিধেয়কে! কি আছে কেন্দ্ৰীয় চৰকাৰৰ ই আই এ ২০২০ৰ খচৰাত?

অসম তথা উত্তৰ-পূৱলৈ ভাবুকি কঢ়িয়াইছে কেন্দ্ৰীয় চৰকাৰৰ এখন নতুন সংশোধনী বিধেয়কে! কি আছে কেন্দ্ৰীয় চৰকাৰৰ ই আই এ ২০২০ৰ খচৰাত?

News18 Assam | News18-Assam
Updated:July 25, 2020, 12:48 PM IST
অসম তথা উত্তৰ-পূৱলৈ ভাবুকি কঢ়িয়াইছে কেন্দ্ৰীয় চৰকাৰৰ এখন নতুন সংশোধনী বিধেয়কে! কি আছে কেন্দ্ৰীয় চৰকাৰৰ ই আই এ ২০২০ৰ খচৰাত?
নাগৰিকত্ব সংশোধনী আইনৰ পিছত কেন্দ্ৰীয় চৰকাৰ সাজু হৈছে আনি এখন আইন সংশোধনৰ বাবে।

নাগৰিকত্ব সংশোধনী আইনৰ পিছত কেন্দ্ৰীয় চৰকাৰ সাজু হৈছে আনি এখন আইন সংশোধনৰ বাবে।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ পিছত কেন্দ্ৰীয় চৰকাৰ সাজু হৈছে আনি এখন আইন সংশোধনৰ বাবে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিছে পৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা( The Environment impact Assessment notification)২০২০। ল’ক ডাউনৰ মাজতে খচৰা প্ৰস্তুত কৰি ৰাজহুৱা শুনানিৰ বাবে মুকলি কৰিছে। অহা ১১ আগষ্টত অন্ত পৰিব ৰাজহুৱা শুনানিৰ দিন।



ল’ক ডাউনৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰণালয়ে ২৩ মাৰ্চ ২০২০ তাৰিখে প্ৰকাশ কৰে পৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা, ২০২০। আশংকা কৰা হৈছে যে, যদি বিধেয়কখন আইনত পৰিণত হয় তেন্তে উত্তৰ-পূৰ্বাঞ্চলত পৰিব সৰ্বাধিক প্ৰভাৱ। এই বিধেয়কখনে পৰিৱেশ প্ৰদূষণ আৰু বন ধ্বংসক বৈধতা প্ৰদান কৰিছে বুলি অভিযোগ কৰা হৈছে।

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে মেঘালয়ৰ খাচী ছাত্ৰ সন্থাই উত্তৰ-পূৱৰ বাবে প্ৰত্যাহ্বান স্বৰূপ বিধেয়কখনৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।



সমুজ্বল ভট্টাচাৰ্যই টুইটত প্ৰকাশ কৰা মতে এই খচৰাত আছেঃ

  • চৰকাৰে নিজ ইচ্ছা মতে, কোনো এটা উদ্যোগ বা প্ৰকল্প কৌশলগত বুলি কৈ জনসাধাৰণক তথ্য যোগান ধৰাৰ পৰা বিৰত থাকিব পাৰিব। আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা আকাশী পথেৰে ১০০ কিলো মিটাৰলৈকে থকা অঞ্চল কৌশলগত বিবেচনা কৰা হ’ব।

  • কয়লা খনন, আন্তঃগাঁথনি উন্নয়ন, তাপবিদ্যুত্‍, নিউক্লিয়াৰ আৰু জলবিদ্যুত্‍ প্ৰকল্প, ৰিয়েল ইষ্টেট, উদ্যোগ প্ৰকল্পক সামৰি লৈছে।

  • পূৰ্বতে কোনো নতুন উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ পৰিৱেশ মন্ত্ৰণালয়ৰ পৰা আগতীয়া অনুমতি লোৱাটো আছিল বাধ্যকতামূলক। কিন্তু খচৰা অনুসৰি, এতিয়াৰ পৰা আগতীয়াকৈ নল’লেও হ’ব অনুমতি। ১.৫ লাখ বৰ্গ মিটাৰ লৈকে নিৰ্মাণৰ বাবে অনুমতিৰ প্ৰয়োজন নহ’ব।

  •  অনুমতি নাথাকিলেও তিনি-চাৰি বছৰৰ বাবে চলাই যাব পাৰিব প্ৰকল্প। তাৰ বাবে চৰকাৰক প্ৰতিদিনে প্ৰদান কৰিব লাগিব ২ৰ পৰা ১০ হাজাৰ টকা। অৰ্থাত্‍ অনুমতিবিহীন ভাবে উদ্যোগ স্থাপন কৰিলেও বে-আইনী হিচাপে ধৰা নহ’ব।

  •  পূৰ্বতে ই আই এ কৰ্তৃপক্ষই ছমাহৰ ব্যৱধানত প্ৰকল্পৰ পৰিৱেশগত বিধি নিৰীক্ষণ কৰিছিল। কিন্তু এই সীমা এতিয়া এবছৰলৈ বৃদ্ধি কৰা হৈছে।

  • যিকোনো প্ৰকল্পৰ বিৰুদ্ধে ৰাজহুৱা জাননীৰ সময়সীমা ২০ দিনলৈ হ্ৰাস।

  • বনাঞ্চলত কয়লা খনন, তৈলখাদৰ দৰে প্ৰকল্প হ’ব বাধাহীন।

  • কোনো উদ্যোগে পৰিৱেশ আইন উলংঘন কৰিলে জনসাধাৰণৰ অভিযোগ দিয়াৰ অধিকাৰ নাথাকিব। তাৰ পৰিৱৰ্তে উলংঘনকাৰীয়ে নিজে বা চৰকাৰ অথবা চৰকাৰী সংস্থাই দিব পাৰিব অভিযোগ।

Published by: Himangshu Bhuyan
First published: July 25, 2020, 12:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি