অহা সপ্তাহৰ পৰা উচ্চতম ন্যায়ালয় পৰিসৰৰ পৰাই আৰম্ভ হ’ব আদালতৰ কাম–কাজ। ন্যায়ধীশসকলে আদালত কক্ষৰ পৰা গ্ৰহণ কৰিব শুনানি। অধিবক্তাসকলে অৱশ্যে নিজৰ চেম্বাৰৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ যোগেদি শুনানিত প্ৰয়োজন সাপেক্ষে উপস্থিত থাকিব পাৰিব। মঙলবাৰে পৰীক্ষামূলকভাৱে সৰ্বোচ্চ ন্যায়ালয়ৰ ৪ নং আদালত কক্ষত ন্যায়ধীশ নাগেশ্বৰ ৰাও, আব্দুল নাজেৰ আৰু সঞ্জীৱ খান্নাই শুনানি গ্ৰহণ কৰে। ন্যায়ধীশ ৰাও–এ শুনানিৰ সময়ছোৱাত সৰ্বোচ্চ ন্যায়ালয়ৰ এই পৰিকল্পনাৰ কথা সদৰি কৰে।
যোৱা ২৩ মার্চৰ পৰা বন্ধ আছিল উচ্চতম ন্যায়ালয়ৰ আদালত কক্ষসমূহ। ন্যায়াধীশসকলে ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি নিজৰ চেম্বাৰৰ পৰা গ্ৰহণ কৰিছিল শুনানি আৰু অধিবক্তাসকল নিজ গৃহ তথা কাৰ্যালয়ৰ পৰা সংযুক্ত হৈছিল। মাত্ৰ জৰুৰীকালীন গোচৰ সমূহৰহে শুনানি গ্ৰহণ কৰা হৈছিল।
উল্লেখযোগ্য যে অহা সপ্তাহৰ পৰা উচ্চতম ন্যায়ালয়ে সকলো গোচৰৰ শুনানি গ্ৰহণ কৰিব। লগতে পঞ্জীয়ন কাৰ্যালয়ো খুলিব। আবেদনসমূহ পঞ্জীয়ন কাৰ্যালয়ে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিব। তেনে পৰিপ্ৰেক্ষিতত নাগৰিকত্ব সংশোধনী আইন আৰু Inner Line Permit সম্বন্ধীয় গোচৰসমূহো শুনানিৰ কাৰণে তালিকাভুক্ত হ’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|