এপ্ৰিল মাহৰ প্ৰথম দিনটোতে সৰ্বসাধাৰণলৈ এটা ভাল খবৰ। দেশৰ তেল কোম্পানীসমূহে ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হ্ৰাস কৰাৰ ঘোষণা কৰিছে। ১৪.২ কিলোগ্ৰামৰ ৰাজসাহায্যবিহীন এলপিজি চিলিণ্ডাৰৰ দাম ৬১.৫ টকা গ্ৰাস কৰিছে। এই হ্ৰাসৰ পিছত দিল্লীত ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ নতুন দাম হ’লগৈ ৭৪৪ টকা।
উল্লেখযোগ্য যে ৩১ মাৰ্চত দেশত উৎপাদিত প্ৰাকৃতিক গেছৰ দাম হ্ৰাস কৰাৰ ঘোষণা কৰিছিল। প্ৰাকৃতিক গেছৰ দাম ২৬ শতাংশ হ্ৰাস কৰা হৈছে। প্ৰাকৃতিক গেছৰ দাম হ্ৰাসে চিএনজি, পাইপৰ জৰিয়তে ঘৰে ঘৰে যোগান ধৰা গেছ (পিএনজি)ৰ দামো হ্ৰাস কৰিব, কিন্তু ইয়াৰ দ্বাৰা অ’এনজিচিৰ দৰে গেছ উৎপাদনকাৰী কোম্পানীৰ ৰাজহ হ্ৰাস পোৱাৰ আশংকা কৰা হৈছে।
![]()
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|